লখিমপুৰ,২০ জুনঃ গগৈ ওৰফে ধনক আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে আলফাৰ লিংকমেন ৰূপে কাম কৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত নিজ লালুক গাঁৱৰ বাসিন্দা ইন্দ্ৰেশ্বৰ মুদৈৰ পুত্ৰ জিৎ মুদৈ ওৰফে ৰাণা ভৰালী আৰু ১নং বৰপথাৰ গাঁৱৰ বাসিন্দা ভোলা শ‍ইকীয়াৰ পুত্ৰ দীপক শ‍ইকীয়া ওৰফে লুকু শ‍ইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আলফাৰ সমৰ্থনত পোষ্ট দিয়া লোকৰ ক্ষেত্ৰত অতি কঠোৰ হৈ দেখুওৱা অসম আৰক্ষী কিন্তু নিৰ্লিপ্ত আলফাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচৰা মন্ত্ৰীৰ ক্ষেত্ৰত। আনকি আলফা কেডাৰকে ৰাজহুৱাভাৱে গামোচা পিন্ধাই সম্বর্ধনা জনোৱা মন্ত্ৰীৰ ক্ষেত্ৰতো নিমাত অসম আৰক্ষী। অসম আৰক্ষীৰ এনে পক্ষপাতমূলক আচৰণক লৈ স্বাভাৱিকতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।