ব্ৰাদাৰ্ছ, অনুব্রত সমিতিৰ ড্ৰাগছ বিৰোধী অভিযান।
গুৱাহাটীৰ ৰাজপথত লেডী ড্ৰাগছ পেডেলাৰৰ সন্ত্ৰাস ।
২৭ জুন, গুৱাহাটীঃ হঠাৎ গুৱাহাটীৰ ৰাজপথত এগৰাকী যুৱতীৰ পৰা চেইন আজুৰিলে এজন ড্ৰাগছ গ্ৰহণকাৰীয়ে। আনহাতে এগৰাকী লেডী ড্ৰাগছ পেডেলাৰে লগপায় পলাতক সেই ড্ৰাগছ গ্ৰহণকাৰীক। দুয়োৰে তীব্ৰ বাক বিতণ্ডতা। তেনেতে কাষ চাপি আহে দুজন যুৱক তাৰে এজন মদাহী আনজন যুৱকে উপস্থিত সকলোকে ড্ৰাগছ তথা আন আন নিচাৰ ক্ষতিৰ সন্দৰ্ভত সজাগ হোৱাৰ বাৰ্তা দিয়ে।সেইয়া আছিল “সংস্কাৰ” নামৰ এক বাটৰ নাটৰ দৃশ্য।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি গুৱাহাটী আৰু মিছন পীচৰ সহযোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যৱহাৰ তথা অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে কালি ২৬জুনত মহানগৰৰ বিভিন্ন প্ৰান্তত সজাগতাৰ হকে ড্ৰাগছৰ লগতে বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে “সংস্কাৰ” নামেৰে এখন বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে এলানি পথ সভাও অনুষ্ঠিত কৰা হয়।
মহানগৰীৰ দহটা ভিন্ন স্থানত উক্ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ বাটৰ নাট প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানৰ জৰীয়তে “ব্ৰাদাৰ্ছ” আৰু “অনুব্ৰতৰ” সদস্যসকলে উপস্থিত ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, কেনেকৈ ড্ৰাগছ গ্ৰহণকাৰীক পুনৰ জীৱন দিব পাৰি,কেনেকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ সহযোগত বাধা প্ৰদান কৰিব পাৰি এই সন্দৰ্ভত মতিভেচনেল স্পীকাৰ অন্ধবিশ্বাস বিৰোধী আৰু ড্ৰাগছ বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই পথ সভাত বিৱৰী কয়। ইয়াৰ উপৰি অনুব্ৰত মহাসমিতিৰ কেন্দ্ৰীয় বিষয় ববীয়া ছত্তৰ সিং জৈন চডাছিয়াই নিচা মুক্তিৰ ওপৰত ভাষণ আগবঢ়ায়। উক্ত কাৰ্যসূচীত অনুব্ৰত সমিতিৰ তৰফৰ পৰা বজৰঙ ডোসি , বজৰঙ বেইদ, সঞ্জয় চৰডিয়া, মনোজ সেঠিয়া, জয় কুমাৰ ভান্সালী, পৱন জম্মৰ আদি বিষয়ববীয়া উপস্থিত থাকে। আনহাতে “সংস্কাৰ” নাটকত অভিনয় কৰে ক্ৰমে প্ৰাঞ্জল নাথ, আশা বৰা,দিব্যলতা দাস, লিম্পি দাস, ধ্ৰুৱজ্যোতি দত্ত, মৃগাংক বৰুৱা আদিয়ে।