• লখিমপুৰ, ২৮ জুন ;লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্ৰত শিশু সালসলনি ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত চাঞ্চল্য অব্যাহত আছে । এই ঘটনা সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ বাবে দুগৰাকী নাৰ্চক নিলম্বন কৰা হৈছে । স্বাস্থ্য বিভাগে এই সন্দৰ্ভত অনুসন্ধান চলাই নিলম্বিত কৰা নাৰ্ছ দুগৰাকী হৈছে ক্ৰমে জুলী বৰুৱা ৰুবি বৰা হাজৰিকা
  • উল্লেখ যে যোৱা শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ চায়ামনী দাস নামৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিছিল এটি সন্তান।চিকিৎসক আৰু নাৰ্চৰ মতে প্ৰসুতিয়ে জন্ম দিছিল পুত্ৰ সন্তান। কিন্তু পুৱা কাপোৰ খোলোত মাকে প্ৰত্যক্ষ কৰে পুত্ৰ সন্তানৰ ঠাইত এটি কন্যা সন্তান ।চিকিৎসক আৰু নাৰ্চে জন্ম লাভ কৰা শিশুটি পুত্ৰ বুলি কোৱাৰ পিছত কন্যা সন্তানক দেখি শিশু সাল সলনি কৰাৰ উঠিছিল গুৰুতৰ অভিযোগ উঠিছিল ।