গুৱাহাটী,৩০ জুনঃ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে একনাথ সিন্দেই। মাৰাঠী ভাষাত শপত গ্ৰহণ কৰিলে একনাথ সিন্দেয়ে।মহাৰাষ্ট্ৰৰ ৰাজ্যপালে পাঠ কৰালে শপতবাক্য। ইয়াৰ লগে লগে অন্ত পৰিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এখন হাই ভল্টেজ নাটকৰ। আনহাতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হ’ব দেৱেন্দ্ৰ ফাৰনাৱিছ। ইয়াকে কয় ভাগ্য। মুখ্যমন্ত্ৰীৰ পদবী একনাথ সিন্দেৰ ভাগ্যত আছিল।দেৱন্দ্ৰ ফাৰনাভিছৰ নাম মুখ্যমন্ত্ৰী হিচাপে চূড়ান্ত হোৱাৰ পিছতো তেওঁ মুখ্যমন্ত্ৰী নহ’ল। মুখ্যমন্ত্ৰীৰ পদবী এৰি যি আৱেগেৰে মহাৰাষ্ট্ৰবাসীৰ মন জয় কৰিবলৈ উদ্ধৱ থাকৰেই চেষ্টা কৰিছিল সেই একেই শৰেই এৰিলে বিজেপিয়ে। বিজেপিৰ শীৰ্ষ নেতৃত্বতই শেষ মুহূৰ্তত সলাই পেলালে সিদ্ধান্ত। জানে শিৱ সেনাৰ তৃণমূল কৰ্মীসকলৰ আৱেগ, অনুভূতিত আঘাত কৰিলে তিস্তি থাকিব নোৱাৰিব। সেয়েহে মুখ্যমন্ত্ৰীৰ পদবী একেই আৱেগ ঢালি এৰি দিলে শিৱ সেনাক। শিৱ সেনাৰ বিসম্বাদী বিধায়ক আৰু নিৰ্দলীয় বিধায়ক মিলি ২৮৮ জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভাত মাত্ৰ ৫০ জন বিধায়কৰ সমৰ্থনত মুখ্যমন্ত্ৰী হ’ব একনাথ সিন্দে। বিজেপিৰ ১০৫ জন বিধায়কে দিব সমৰ্থন। চৰকাৰ গঠনৰ মেজিক নম্বৰ সহজতে অতিক্ৰম কৰি পুনৰ শিৱ সেনাৰ এজন নেতাই মুখ্যমন্ত্ৰীৰ আসনত বহিব। উদ্ধৱ থাকৰেৰ চৰকাৰ পতন কৰিবলৈকে ক’ত ৰণকৌশল তৈয়াৰ হ’ল। সেই ৰাজনীতিৰ অভিকেন্দ্ৰ বুধবাৰলৈকে আছিল গুৱাহাটী। শেষত গোৱাৰ হোটলত বাহৰ পাতি তাত ছীল-মোহৰ মাৰিলে। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত এসপ্তাহ বাহৰ পাতি একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছিল আৰু অৱশেষত সফল হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হ’ল।