গুৱাহাটী,১০ জুলাইঃ মহানগৰীৰ সাতগাঁৱত ভয়ংকৰ ঘটনা। এজন যুৱকে ঘপিয়ালে ৫ জনকৈ লোকক। গুৱাহাটী মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত তালতলত সংঘটিত হৈছিল এই ঘটনাটো। দুলু দাস নামৰ লোক এজনে দাৰে ঘপিয়ালে ৫ জনকৈ লোকক। দুলু দাসৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছে পিতৃ, শাহুৱেক, পত্নী আৰু খুলশালী। আহত চাৰিওকে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত। আহত কেইজন হৈছে দীনেশ দাস,অনিৰুদ্ধ বিশ্বাস, সংগীতা দাস, গোবিন্দ বিশ্বাস আৰু গুৰুদাসী বিশ্বাস। দুলু দাসে পত্নীক মাকৰ ঘৰলৈ যোৱাত বাধা দিছিল। কিন্তু শনিবাৰে সন্ধিয়া পত্নী মাকৰ ঘৰত থকাৰ সময়তে দুলু দাসে নিচাসক্ত অৱস্থাত আহি সকলোকে আক্ৰমণ কৰে।
পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ভসংকৰ ঘটনা সংঘটিত হৈছে। আহত সকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে দুলু দাসক আটক কৰিছে ।