লখিমপুৰ, ১৪ জুলাই ; পুনৰ চৰ্চাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ নিৰ্মাণ বিসংগতি । ইতিমধ্যেই সংবাদমাধ্যম যোগে প্ৰচাৰ হৈ গৈছে লখিমপুৰ চিকিত্সা মহাবিদ্যালয় হস্পিটালৰ পকী বেৰ সমূহত বৃহৎ ফাট মেলাৰ বাতৰি । এই বিষয়তে বৃহস্পতিবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেল যোগে সৰব হৈ পৰিল ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুব বাহিনী ।
কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্মল পায়েঙ পুনৰ সৰব হৈ পৰিল লখিমপুৰ চিকিত্সা মহাবিদ্যালয় হস্পিটালৰ নিৰ্মাণৰ বিসংগতিৰ ওপৰত । কেন্দ্ৰীয় জাতীয় যুব বাহিনীয়ে দাবী তুলিলে _ নিৰ্মাণকাৰী সংস্থা Goutom Construction ক ব্লেক লিস্টটেড কৰিব লাগে আৰু বিষয়া -কৰ্মচাৰী সকলক গ্ৰেপ্তাৰ কৰিব লাগে ।
ইতিমধ্যেই বিভিন্ন সংবাদ মাধ্যমত এই নিৰ্মাণ বিসংগতিৰ বাতৰি সম্প্ৰচাৰ হৈছে
আজি আৰ টি আই ৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীক ইয়াৰ ওপৰত ব্যবস্থা গ্ৰহণৰ দাবী তুলিলে নিৰ্মল পায়েঙে ।
বিভাগীয় তথ্য মতেই চিমেণ্টৰ প্লাষ্টাৰৰ সংকোচনৰ বাবেই বেৰ সমূহত ফাট মেলিছে বুলি তথ্য সদৰী কৰে নিৰ্মল পায়েঙে ।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড ‘ হিমন্ত বিশ্ব শৰ্মাক এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যবস্থা লবলৈ দাবী জনায় সংবাদমেলত ।
ইমান দুৰ্নীতিৰ পিছতো কিয় মুখ্যমন্ত্ৰীয়ে goutom construction ৰ ব্যবস্থা লোৱা নাই সেইয়াও ৰহস্যজনক বুলি উল্লেখ কৰে জাতীয় যুব বাহিনীয়ে । অন্যথাই এই বিষয়তে চৰকাৰৰ বিৰুদ্ধে জাতীয় যুব বাহিনীয়ে ত্ৰীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও দিয়ে সকিয়নি ।