গুৱাহাটী,১৫ জুলাইঃ বিজেপিৰ অসম প্ৰদেশৰ দক্ষতা বিকাশ কোষৰ উদ্যোগত আৰু অসম দক্ষতা প্রশিক্ষণ প্রদানকাৰী কল্যাণ সংস্থাৰ সহযোগত আজি দিছপুৰস্থিত লোক নিৰ্মাণ প্রশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত’বিশ্ব যুৱ দক্ষতা দিৱস’ উদযাপন কৰা হয়। সভাত উদ্বোধনী ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ দক্ষতা বিকাশ কোষৰ সহ-আহ্বায়িকা অলকা পাটোৱাৰীয়ে দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা সম্পর্কে বক্তব্য দাঙি ধৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে আজি কিছু বছৰ আগলৈকে আমি দক্ষতা বিকাশ কি হয় সেয়া গম পোৱা নাছিলোঁ। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত সমগ্ৰ দেশতে দক্ষতা বিকাশৰ ধাৰণাটোৱে এক জনপ্ৰিয় ৰূপ পালে। প্ৰধানমন্ত্রীৰ বিভিন্ন কল্যাণকামী আঁচনিৰ অধীনত দেশৰ লাখ লাখ যুৱ প্ৰজন্মই নিজকে একো একোজন উৎকৃষ্ট মানৱ সম্পদলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্ৰীৰ শক্তশালী পদক্ষেপৰ বাবেই দেশৰ যুৱ প্ৰজন্মই দক্ষতা বিকাশৰ বাবে এক সোণালী সুযোগ লাভ কৰিছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতাত ৰাজ্যৰ যুৱ প্ৰজন্ময়ো দক্ষতা বিকাশৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব বুলি তেওঁ আশা ব্যক্ত কৰে। ভাষণ প্ৰসংগত বৰুৱাই অনাগত দিনত ছাত্ৰ-ছাত্ৰী সকলক নৱম শ্ৰেণীৰ পৰা দক্ষতা বিকাশৰ শিক্ষা প্ৰদান কৰিবলৈ চিন্তাচৰ্চা কৰা বুলি সদৰি কৰে। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে দক্ষতা সকলোৰে আছে যদিও ইয়াৰ বিকাশ হ’ব লাগিব, তেহে ইয়াৰ সাৰ্থকতা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাখ লাখ যুৱক-যুৱতীৰ মাজত নিহিত হৈ থকা দক্ষতাক বিকাশৰ বাবে এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে। তেওঁ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আত্মনিৰ্ভৰ ভাৰত আৰু এখন সমৃদ্ধিশালী সমাজ নির্মাণ কৰাৰ হেতু দলৰ কাৰ্যকৰ্তা সকলক কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰে দক্ষতা বিকাশৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহ ৰাজ্যৰ প্ৰতিজন যুৱ প্ৰজন্মৰ মাজলৈ নি ইয়াক ফলপ্রসূ কৰিবলৈ আহ্বান জনায়। আনহাতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে সভাত ভাষণ প্রদান কৰি কয় যে ভাৰতবৰ্ষ এনে এখন দেশ য’ত বিশ্বৰ সৰ্বাধিক যুৱ সমাজ আছে। নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ ইয়াক অনুধাৱন কৰিব পাৰিছিল আৰু সেয়ে দেশৰ বৃহৎ যুৱ সমাজক শক্তিলৈ পৰিণত কৰাৰ উদ্দেশ্য কৌশল বিকাশ যোজনাসমূহৰ সহায়ত দক্ষতা বিকাশৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছিল। ইয়াৰ পূৰ্বে কোনো চৰকাৰে এনেধৰণৰ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাছিল বুলি তেওঁ কয়। তেওঁ লগতে দেশৰ প্ৰতিজন যুৱ প্ৰজন্মক স্বাৱলম্বী কৰি তুলিবৰ বাবে আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ বৃত্তিগত শিক্ষা প্ৰদান কৰাটো সময়ৰ আহ্বান বুলি মন্তব্য কৰে। উল্লেখ যে আজিৰ অনুষ্ঠানত স্কিলফিনিটিৰ প্ৰতিষ্ঠাপক অঞ্জন চৌধুৰী, অসম দক্ষতা প্রশিক্ষণ প্রদানকাৰী কল্যাণ সংস্থাৰ মুখ্য উপদেষ্টা মিনাক্ষী কাকতি, দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰা, অসম খাদী আৰু গ্ৰামোদ্যোগ ৱৰ্ডৰ উপাধ্যক্ষ হৰেণ দেউৰীয়ে দক্ষতা বিকাশৰ গুৰুত্ব, ভাৰত চৰকাৰ তথা অসম চৰকাৰে দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত বক্তব্য প্রদান কৰে। অনুষ্ঠানত ৰাজ্যিক দক্ষতা বিকাশ কোষৰ আহ্বায়ক সমৰ ডেকাৰ লগতে কোষৰ কাৰ্যকৰ্তা, অসম দক্ষতা প্রশিক্ষণ প্রদানকাৰী কল্যাণ সংস্থাৰ বিষয়ববীয়া, দিছপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ আহ্বায়ক আৰু সহ-আহ্বায়ক সকল উপস্থিত আছিল।