বিশ্বনাথ জিলাৰ গহপুৰ ককিলাৰ অন‍্যতম কল‍্যাণমূলক সংস্থা সদৌ_ককিলা_যুৱ_এছ’ছিয়েচনৰ তৰফৰ পৰা ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সু – খ‍্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ – ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।এচ’ছিয়েচনটোৱে বিগত ১০ তাৰিখৰ পৰা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক শৈক্ষিক দিশত উৎসাহিত কৰিবৰ হেতু একোখনকৈ মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনাই যুৱ প্ৰজন্মৰ মাজত এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ককিলাৰ বহুকেইজন উদ্যমী যুৱক লগ লাগি গঠিত হোৱা সদৌ_ককিলা_যুৱ_এছ’ছিয়েচনক এতিয়া ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।