এক জঘন্য কান্ড সংঘটিত হৈছে ৰঙিয়া মহকুমাৰ ধুহিবালাত ।
নিজ প্ৰেমিকাক পুঠিমাৰী নৈত পেলাই হত্যা কৰিব বিচৰা লম্পদ প্ৰেমিক নুৰ ইছলামক ৰঙিয়া আৰক্ষীৰ সহযোগত মৰাণজনাৰ পৰা আটক কৰে কঞা আৰক্ষীয়ে।
লম্পদ প্ৰেমিক নুৰ ইছলামে ধুহিবালা গাওঁৰ এগৰাকী যুৱতীক ঘৰৰ পৰা উঠাই নিয়া বুলি অভিযোগ কৰিছে যুৱতীগৰাকীয়ে
তাৰ পিছতেযুৱতী গৰাকীক পুঠিমাৰী নৈৰ দলংৰ ওপৰলৈ নি নদীত পেলাই হত্যাৰ ভাবুকি দিয়ে।
ইমানতে ক্ষান্ত নাথাকি লম্পদ প্ৰেমিক নুৰ ইছলামে প্ৰেমিকা গৰাকিক শাৰিৰীক আক্ৰমণ কৰাৰ লগতে গাড়ীৰ তলত পেলাই দিয়াৰ ভাবুকি দিয়ে ।আনহাতে নুৰ ইছলামৰ পৰিয়ালৰ লোকেও যুৱতীগৰাকীক বেয়াকৈ মাৰধৰ কৰে বুলি অভিযোগ কৰে ।পিছত যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত লম্পদ নুৰ ইছলামক আটক কৰে।