ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত বিভিন্ন ঠাইত যোৱা নিশা অসম জাতীয় পৰিষদে বহুকেইটা ৰাজনৈতিক সচেতনতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় বহুকেইজন নেতা উপস্থিত থাকে। ভাষণত মৌলানা বদৰুদ্দিন আজমলক টাৰ্গেট কৰি বহু বিষ্ফোৰক মন্তব্য প্ৰদান কৰা দেখা যায়। বিশেষকৈ লোকসভা নিৰ্বাচন বহু আগতীয়াকৈ বদৰুদ্দিন আজমলক উৎখাত কৰিবলৈ এইবেলি তৎপৰ হৈছে অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে মৌলানা বদৰুদ্দিন আজমলক তীব্ৰ বাক্য বানেৰে থকা সৰকা কৰা পৰিলক্ষিত হয়। দুলু আহমেদে লগতে কয় ধুবুৰী জিলাত অসম জাতীয় পৰিষদে এক হাজাৰ সভা অনুষ্ঠিত কৰিব।

ইপিনে বৰ্ষাৰ্শ্ৰীক জেললৈ প্ৰেৰণ সন্দৰ্ভত দুলু আহমেদে মন্তব্য আগবঢ়ায়।