গুৱাহাটী,১৮ জুলাইঃ গুৱাহাটী ৰে’লৱে আৰক্ষীৰ বৃহৎ সফতলতা। জব্দ বৃহৎ পৰিমাণৰ অপিয়াম। গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ অপিয়ামখিনি। অপিয়ামখিনি দুজন যুৱকে ডিমাপুৰৰ পৰা বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। যুৱক দুজন ক্ৰমে অভ্যাশ কুমাৰ আৰু ছুমাল কুমাৰ বুলি জানিব পৰা গৈছে। অপিয়াম খিনিৰ বজাৰ মুল্য প্ৰায় ২ কোটি টকা। ঘটনা সন্দৰ্ভত বিহাৰৰ দুই যুৱকক গুৱাহাটী ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুৱক দুজনে ৰে’লৱে প্লেট ফৰ্মত ঘূৰি আছিল । জি আৰ পিৰ সন্দেহ ওপজাত যুৱক দুজনৰ তালাচী চলায়।যুৱক দুজনে পেন্টৰ ভিতৰত বিশেষ পকেট বনাই ভৰাই ৰাখিছিল অপিয়াম খিনি। বৰ্তমান দুয়োকে গুৱাহাটী জি আৰ পিত জেৰা চলাই থকা হৈছে।
