ৰঙিয়া,১৮ জুলাইঃ আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সেই উপলক্ষ্যে আজি ৰঙিয়াৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় শিৱ মন্দিৰত পুৱাৰ পৰাই ভক্তৰ লানী নিচিঙা ভিৰ পৰিলক্ষিত হয়। বৃহত্তৰ ৰঙিয়া অঞ্চলৰ ভিতৰত এক আধ্যাত্মিক স্থল হিচাপে পৰিচিত ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত মৃত্যুঞ্জয় শিৱ মন্দিৰৰ আছে এক বিৰল ইতিহাস। ভক্তৰ বিশ্বাস যে এই শিৱ মন্দিৰ আহি ভগবানক পুজা অৰ্চনা কৰিলে মনৰ কামনা পূৰণ হয় ৷ ১৯৫১ চনত প্ৰতিষ্ঠা হোৱা এই শিৱ মন্দিৰটো ২০০১ চনত পুনৰ নিৰ্মান কৰা হৈছিল।