ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সম্পৰ্কত অখিল গগৈয়ে কৰা মন্তব্যৰ পিছতে ৰাজ্যৰ আদিবাসী সম্প্ৰদায়ে অখিল গগৈক চাহ বাগিছা অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল।
অখিল গগৈয়ে মঙ্গলবাৰে দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত ব্যৱহাৰ কৰা বিতৰ্কিত শব্দ কেইটা উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে,তেওঁ দ্ৰৌপদী মুৰ্মুক প্ৰকৃত আদিৱাসী নহয় বুলি মন্তব্য কৰিছিল সোমবাৰে । আজি গগৈয়ে ক্ষমা বিচাৰি কয় যে-‘ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত মই কোৱা কেইটামান বাক্য আৰু শব্দই আদিবাসী, চাহজনগোষ্ঠীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মই আজি সেই বাক্য আৰু শব্দকেইটা উঠাই লৈছো। আনহাতে মই দ্ৰৌপদী মুৰ্মুৰ কথা উল্লেখ নকৰাকৈ কাঠৰ মুঢ়া বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলো। সেই শব্দটোৱেও দুখ দিয়া দেখা গৈছে। সেই শব্দটোও মই উঠাই লৈছো। যিসকল লোকে এই শব্দটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মই সকলোৰে ওচৰত আজি ক্ষমা বিচাৰিছো।’