গুৱাহাটী,১৯ জুলাইঃ ৰাকেশ পালৰ কাৰ্যকালৰ সময়ত ২০১৪ চনত সংঘটিত হোৱা ৰাজপত্ৰিত বিষয়া নিযুক্তিৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে চমন জাৰি কৰিছে কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়ালৈ। সেইসকল হ’ল ২০১৪ চনত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১০ গৰাকী এ চি এছ, এ পি এছ আৰু সংলগ্ন সেৱাৰ প্ৰাৰ্থী। ২ আগষ্টৰ ভিতৰত চমন জাৰি কৰা এইসকল প্ৰাৰ্থীয়ে আয়োগৰ ওচৰত তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত লিখিত সাক্ষ্য দাখিল কৰিব লাগিব। বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চমন প্ৰেৰণ কৰা এই অভিযুক্ত প্ৰাৰ্থীসকল হ’ল ভাৰ্গৱ ফুকন, নিপন কুমাৰ পাঠক, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মুন মজুমদাৰ, পল্লৱী শৰ্মা, মঞ্জুৰ ইলাহী লস্কৰ, বিকাশ কুমাৰ পিঞ্চা, ঋতুৰাজ নেওগ, মুস্তাফা আহমেদ বৰভূঞা আৰু গণেশ চন্দ্ৰ দাস। ডিব্ৰুগড় থানাত ৰুজু হোৱা এ পি এছ চি কেলেংকাৰী গোচৰ (নং ১৩৬/১৬)ত এই ১০ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। ২০১৪ত ৰাকেশ পালে বক্ৰ পথেৰে ৰাজপত্ৰিত বিষয়া হিচাপে নিযুক্তি দিয়া মুঠ ২১ গৰাকী অভিযুক্তক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে ১০ গৰাকীক আয়োগে জাননী প্ৰেৰণ কৰাৰ বিপৰীতে আন ১১ গৰাকীক আগন্তুক এটা সপ্তাহৰ ভিতৰত জাননী দিব বুলি জনা গৈছে। উল্লেখযোগ্য যে ২০১৮ চনৰ ১৮ জুলাইত ডিব্ৰুগড় আৰক্ষীয়ে এই ২১ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰা আটাইকেইজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। আজি জাননী জাৰি কৰা ১০ গৰাকী প্ৰাৰ্থীৰ আটাইকেইজনে ভুৱা উত্তৰ বহীত উত্তৰ লিখিছিল। ৰাকেশ পালে যোগান ধৰা ভুৱা উত্তৰ বহীত নতুনকৈ উত্তৰ লিখি এইসকল প্ৰাৰ্থীয়ে ৰাজপত্ৰিত বিষয়া হিচাপে বাছনিভুক্ত হৈছিল। ডিব্ৰুগড় আৰক্ষীৰ তদন্তত এই প্ৰাৰ্থীসকলৰ প্ৰতিগৰাকীৰ বিপৰীতে ৩ৰ পৰা ৬ খন পর্যন্ত ভুৱা উত্তৰ বহী উদ্ধাৰ হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ দৰে ২০১৪ৰ নিযুক্তি কেলেংকাৰীতো নতুন নতুন প্রার্থী চিনাক্ত কৰাৰ সম্ভাৱনা আছে। ২০১৩ বৰ্ষত এ পি এছ চিয়ে সংঘটিত কৰা নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিছে। এই প্রতিবেদনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে মুখ্য সচিবৰ নেতৃত্বত সমিতিও গঠন কৰি দিছে। ইয়াৰ পিচত ২০১৪ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে চৰকাৰে পুনৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক তদন্তৰ দায়িত্ব অর্পণ কৰাৰ পিচত স্বাভাৱিকতে ৰাকেশ পালৰ কাৰ্যকালত এ পি এছ চিত সংঘটিত দুৰ্নীতিৰ নতুন দস্তাবেজ ফাদিল হ’ব বুলি ৰাইজে আশা কৰিছে।