ৰূপহীহাট,১৯ জুলাইঃ বহিঃৰাজ্যত কাম কৰিব যোৱা নগাঁও জিলাৰ ৰূপহীহাটৰ হাতীপাৰাৰ এগৰাকী যুৱক সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি ২০ দিন পূৰ্বে নিজ ঘৰৰ পৰা বহিঃ ৰাজ্য কেৰেলালৈ কাম কৰিব ওলাই গৈছিল আশীকুল ইছলাম । কেৰেলা গৈ কামত ব্যস্ত হৈ পৰিছিল আশীকুল।ব্যস্ততাৰ মাজতে আশীকুলৰ আত্মীয়ৰ এজন লোকে চেন্নাই আহিব কয়। তাৰ পিছতেই পৰিয়ালক চেন্নাই গৈ আছোঁ বুলি কৈ ট্ৰেইনত উঠিছিল আশীকুল। তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে তেওঁ। ৰূপহীহাটৰ হাতীপাৰা গাঁৱৰ ৱাহেদ আলীৰ পুত্র ২২ বছৰীয়া আশীকুল ইছলাম।
কোনো লোকে যদি আশীকুল ইছলামৰ সন্ধান পালে 7356320510 আৰু 9749726365 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।