গুৱাহাটী,২০ জুলাইঃ অসুস্থ হৈ পৰা জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসুস্থ জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত চিকিৎসা সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশনা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰয়োজনত জুবিন গাৰ্গক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈও এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে নিয়াৰ ব্যৱস্থা কৰিবলৈও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশনা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত ৰিজ’ৰ্টৰ বাথৰুমত ঢলি পৰা জুবিনে মূৰত আঘাত পাইছে। মূৰত প্ৰায় ৫ টাকৈ চিলাই পৰিছে জুবিন গাৰ্গৰ৷ হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে তেওঁক বৰ্তমান আই চি ইউত ভৰ্তি ৰখা হৈছে। অৱশ্যে বৰ্তমানলৈকে ভাল খবৰ এয়াই যে আঘাতপালেও যথেষ্ট সুস্থ হৈ আছে জুবিন। তেওঁৰ বৰ্তমান সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে। বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত বিশেষ চিকিৎসকৰ দলে জুবিন গাৰ্গক চিকিৎসা প্ৰদান কৰি আছে।