গুৱাহাটী,২০ জুলাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে এয়াৰ এম্বুলেন্সৰ জৰিয়তে আজি সন্ধিয়া ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হয় হঠাৎ অসুস্থ হৈ পৰা জনপ্ৰিয় গায়ক জুবিন গাৰ্গক। সন্ধিয়া প্ৰায় ৬ বজাত মহানগৰীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই আয়ুৰসূন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক। লগে লগে জুবিনৰ স্বাস্থ্যৰ প্ৰয়োজনীয় সকলো পৰীক্ষা আৰম্ভ কৰা হয়। প্ৰাৰম্ভিক পৰীক্ষাসমূহৰ মতে জুবিনৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে জুবিনৰ স্বাস্থ্যক লৈ কিছু চিন্তাৰ কাৰণ আছে, কিন্ত ভয় কৰিবলগীয়া একো নাই। তেওঁৰ জিৰণীৰ প্ৰয়োজন আছে, হাই প্ৰেচাৰ, হাৰ্ট বিট বেছি আছে। আজি পুৱাতকৈ বৰ্তমান বেছি সুস্থিৰ জুবিনৰ স্বাস্থ্য। আয়ুৰসূন্দ্ৰা হাস্পতালত চিটি স্কেন আৰু এম আৰ আই আৰু ই চি জিও কৰা হ’ব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। প্ৰয়োজন হ’লে বাহিৰৰ চিকিৎসক অনা হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই। আচলতে জুবিন গাৰ্গ পিছলি পৰিছিল নে, মূৰ ঘূৰাই পৰিছিল সেয়া এতিয়া চিন্তনীয়। পৰীক্ষাবোৰ পিছত গম পোৱা যাব বুলি মন্তব্য কৰিছে চিকিৎসকে।