জামুগুৰিহাট,২২ জুলাইঃ অসম আৰক্ষীয়ে মদ,ভাং, ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰক্ষীয়ে ১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। লগতে এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। জামুগুৰি আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ কুসুমটোলা দফলাটিকাৰ তুলসী নায়কৰ গৃহৰ পৰা প্ৰায় ১ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে গাঞ্জা সৰবৰাহৰ লগত জড়িত তুলসী নায়ক আৰক্ষী অহাৰ উমান পাই পলাই সৰিবলৈ সক্ষম হয় যদিও নায়কৰ পত্নী উষা নায়কক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী৷ দীৰ্ঘ দিনৰ পৰা তুলসী নায়কে ভাং বিক্ৰী কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। উল্লেখ্য যে এসপ্তাহ পূৰ্ৱে জামুগুৰিহাটত প্ৰায় ৬ কেজি ভাংসহ আন এজনকো আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে।