গুৱাহাটী,২২ জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গুৱাহাটীতো এটা ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (নেছনেল চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰোল) স্থাপনৰ বাবে সিদ্ধান্ত লৈছে। দেশত সংক্ৰামক ৰোগ প্ৰতিৰোধৰ দিশত প্ৰশিক্ষণ, গৱেষণা আৰু কাৰিকৰী দক্ষতা বিকশিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠানটো স্থাপনৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে পশ্চিম গুৱাহাটীৰ ৰাণী সামূহিক স্বাস্থ্যকেন্দ্ৰৰে সংলগ্ন ভূমিক প্ৰস্তাৱিত স্থান হিচাপে বাচনি কৰিবলৈ বিবেচনা কৰিছে। উল্লেখ্য যে আয়ুস্মান ভাৰত পৰিযোজনাৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গুৱাহাটীসহ দেশৰ পাঁচখন ঠাইত নতুনকৈ পাঁচটা এনে কেন্দ্ৰ স্থাপনেৰে দেশত সংক্ৰামক ৰোগ প্ৰতিৰোধৰ আন্তঃগাঁঠনি সম্প্ৰসাৰণ কৰিব বিচাৰিছে। সেইমতে উত্তৰ ভাৰতৰ ডেৰাডুন, মধ্য ভাৰতৰ ভুপাল, পূৰ্বোত্তৰৰ গুৱাহাটী, পশ্চিম ভাৰতৰ আহমেদাবাদ আৰু দক্ষিণ ভাৰতৰ বাবে বাংগালোৰ অথবা তেলেংগানাৰ এঠাইত এটাকৈ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ অনুমোদন জনাইছে। গুৱাহাটীত নিৰ্মাণ কৰিবলৈ লোৱা কেন্দ্ৰটোৰ বাবে প্ৰস্তাৱিত ভূমি আজি পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। শুক্ৰবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ গুৱাহাটীস্থ আঞ্চলিক স্বাস্থ্য বিষয়া ডাঃ প্ৰণৱ জ্যোতি ভূঞাৰ সৈতে ৰাণী সামূহিক কেন্দ্ৰ চৌহদত উপস্থিত হৈ কেন্দ্ৰটোৰ স্থান হিচাপে প্ৰস্তাৱ কৰা সংলগ্ন ভূমি পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ বাবে এই ভূমিৰ উপযুক্ততা নিৰীক্ষণ কৰে। পৰিদৰ্শনকালত উপস্থিত থকা পশ্চিম গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া দীপা তালুকদাৰৰ সৈতে ভূমি আৱণ্টনক লৈ আলোচনাতো মিলিত হৈ স্বাস্থ্যমন্ত্ৰী মহন্তই কেন্দ্ৰটোৰ বাবে এই ভূমিৰ আৱণ্টন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পূৰ্ণ কৰিবলৈ দিহা দিয়ে। উল্লেখ যে গুৱাহাটীত এই কেন্দ্ৰৰ নিৰ্মাণে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া, ক’ভিড আদি সংক্ৰামক ৰোগৰ পৰীক্ষাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ প্ৰতিৰোধ বিষয়ক কৰ্মসূচীৰ প্ৰশিক্ষণেৰে দক্ষতা বৃদ্ধি, গৱেষণা বিষয়ক কৰ্মসূচী আৰু চিকিৎসা বহুখিনি সুচল কৰিব।
