নেচনেল ডেক্স,২৬ জুলাইঃ আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা। তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। পাকিস্তানৰ বিৰুদ্ধে দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে যুদ্ধত নামি পৰা দেশৰ বহু বীৰ জোৱান ছহিদ হৈছিল। প্ৰায় দুমাহ ধৰি চলা এই যুদ্ধক ভাৰতীয় সেনাৰ এই অভিযানক নাম দিয়া হৈছিল অপাৰেচন বিজয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি শীৰ্ষ নেতাসকলে টুইটাৰৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে। নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে টুইটাৰত উল্লেখ কৰিছে যে কাৰ্গিল বিজয় দিৱসে আমাৰ সশস্ত্ৰ বাহিনীৰ অসাধাৰণ বীৰত্ব, পৰাক্ৰম আৰু সংকল্পক চিহ্নিত কৰে। মই সকলো সাহসী সৈনিকক নমস্কাৰ জনাইছো যিয়ে ভাৰত মাতৃক সুৰক্ষা দিবলৈ প্ৰাণ দিছিল। সকলো দেশবাসী সদায় তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ঋণী হৈ থাকিব।