গুৱাহাটী,২৭ জুলাইঃ বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই বিত্তমন্ত্ৰী অজন্তা নেওগৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। তেওঁৰ এই দাবীৰ পিছতে অসমত আকৌ এবাৰ ন-বিজেপি আৰু পুৰণি বিজেপিৰ নেতাৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ যোগেদি মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগৰ দাবী কৰিছে প্ৰাক্তন সাংসদ ৰমেন ডেকাই। প্ৰাক্তন সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত সংঘটিত হোৱা ঘটনাটো যথেষ্ট দূৰ্ভাগ্যজনক আৰু উদ্বেগজনক। সংবাদ মাধ্যমতো এই সম্পৰ্কত ধাৰাবাহিক বাতৰি প্ৰকাশ পাইছে। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অজন্তা নেওগে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা উচিত। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত পদত্যাগৰ উদাহৰন বিজেপিত কেইবাটাও আছে বুলি প্ৰাক্ৰন সাংসদগৰাকীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ তেওঁ অনুৰোধ জনায়।
উল্লেখ যে দেওবাৰে মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীস্থিত বাসগৃহৰ পৰা এগৰাকী মহিলা উদ্ধাৰ হৈছিল। মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীক আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈছিল। অভিযোগ অনুসৰি চাকৰি দিয়াৰ প্ৰলোভন দি যৌনকৰ্মী হ’বলৈ বাধ্য কৰোৱাৰ অভিযোগ উঠিছে মন্ত্ৰী নেওগৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে। কিন্তু এতিয়া মহিলাগৰাকীৰ কোনো শুংসূত্ৰ নোপোৱাত ঘটনাটো অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে প্ৰাক্তন সাংসদ ৰমেন ডেকাই মন্ত্রীগৰাকীৰ পদত্যাগ দাবী কৰিলে।
