লখিমপুৰ ষ্টাফ ৰিপটাৰ , ২৮ জুলাই : অসম চৰকাৰৰ পৰিবহন বিভাগে শেহতীয়াকৈ কলকতাৰ এটা ব্যক্তিগত প্রতিষ্ঠানক বিভাগটোৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্র প্রিন্টিঙৰ কামত নিয়োজিত কৰিবলৈ লোৱা সিদ্ধান্তৰ ফলত এমট্ৰনৰ ১১০ গৰাকী কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়াৰ উপক্ৰম ঘটিছে। এক বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত জ্বৰ অনুসৰি পৰিবহন বিভাগে বিগত ১০-১৫ বছৰ ধৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ অধীনস্থ প্রতিষ্ঠান এমট্ৰনৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীয়ে অনুজ্ঞাপত্ৰ, গাড়ীৰ পঞ্জীয়ন পত্র প্রিন্টিং আৰু ডাকত চৰকাৰীভাবে প্ৰেৰণ কৰা কামত নিয়োজিত হৈ আহিছিল যদিও ৰাজ্য চৰকাৰ তথা পৰিবহন বিভাগে শেহতীয়াকৈ কলকতাৰ ফুকম নামৰ প্ৰতিষ্ঠানক এই দায়িত্ব অর্পণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত এই কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, এমটুনে প্ৰস্তুত কৰা গাড়ীৰ অনুজ্ঞা পত্ৰ আৰু পঞ্জীয়ন চীম পদ্ধতিত হৈছিল। কিন্তু বর্তমান যি বাৰ কাতৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়নৰ কাম কলকতাৰ ফুকমক বিভাগ তথা ৰাজ্য চৰকাৰে গতাই দিয়াৰ ব্যৱস্থা কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত ফুকনে সম্পূর্ণ ব্যক্তিগত লাভৰ বাবেহে কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু বিগত দুমাহত উক্ত প্রতিষ্ঠানটোৱে চৰকাৰী বিভাগটোৰ লগত কোনো যোগসূত্র নৰখাকৈ ব্যক্তিগত কুৰিয়াৰৰ যোগেদি কাম কৰি যোৱাত এতিয়া সাধাৰণ নাগৰিকৰো সমস্যাৰ সৃষ্টি হৈছে। তাৰোপৰি ফুকম নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৱে পৰিবহন বিষয়াৰ কাৰ্যালয়সমূহত যেনেদৰে জনসম্পৰ্ক ৰক্ষা কৰি কাম কৰিব লাগিছিল প্রতিষ্ঠানটোৱে কুৰিয়াৰত পঠোৱা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন কার্ড বিচাৰি এতিয়া হাবাথুৰি খাবলগীয়াত পৰিছে সাধাৰণ নাগৰিকে। কিয়নো ট্রেকিং চাব পৰা বা ট্রেকিং নম্বৰ পাব পৰা কোনো ব্যৱস্থা এই পর্যন্ত ফুকম নামৰ প্ৰতিষ্ঠানটোৱে কৰা নাই। পৰিতাপৰ কথা যে বিগত প্রায় ডেৰ দশক ধৰি ৰাজ্যৰ পৰিবহন বিষয়াৰ কাৰ্যালয়সমূহত অসম চৰকাৰৰ অধীনস্থ এমন প্ৰতিষ্ঠানত প্ৰায় ১১০ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ অহাৰ সময়তে কলকতার প্রতিষ্ঠানটোক এই কামৰ দায়িত্ব অর্পণ কৰাত তেওঁলোক সংস্থাপনহীন হোৱাতো নিশ্চিত হৈ পৰিছে। এইক্ষেত্ৰত চাকৰি হেৰুৱাব লগীয়া ১১০ গৰাকী কৰ্মচাৰীয়ে চৰকাৰৰ এনে সিদ্ধান্তত তাঁর প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

Home অসম আৰু উত্তৰপূব ৰাজ্যৰ পৰিবহন বিভাগৰ কামত কলকতাৰ “ফুকম’ : চাকৰি হেৰুৱাব এমট্ৰনৰ ১১০ কৰ্মচাৰীয়ে