লখিমপুৰ,২৮ জুলাইঃ সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ
মাধ্যমিকৰ কলা, বাণিজ্য, বিজ্ঞান শাখাত বিশেষ স্থান পাবলৈ সক্ষম হোৱা আৰু বিশেষ কৃতীত্বৰে উত্তীৰ্ণ হোৱা ৫৫৪
গৰাকী ছাত্ৰ-ছাত্ৰীক আজি লক্ষীমপুৰ জিলা পুথিভঁৰালত অভিনন্দন জনোৱা হয়। এটি সমবেত সংগীতেৰে শুভাৰম্ভ
হোৱা অভিনন্দন অনুষ্ঠানটি শুভ উদ্বোধন কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্তই। আছুৰ জিলা সভাপতি
সীমান্ত নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ
সম্পাদক শংকৰজ্যোতি বৰুৱাই। জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে লক্ষীমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়া আৰু লক্ষীমপুৰ
বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই। সঞ্জীৱ কোঁৱৰে আঁতধৰা অনুষ্ঠানটিত মুখপত্র বুদ্ধিদ্রুম উন্মোচন কৰে
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞাই। অনুষ্ঠানত ৫৫৪ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক একোখনী
সম্বর্ধনা পত্র, বুক চেফ, স্মাৰকেৰে অভিনন্দন জনোৱা হয়।