ৰঙিয়া, ২৮ জুলাই ২০২২:  বাৰিষা আহিলেই তুপনিত নিদ্ৰাহৰে নৈ পৰীয়া অঞ্চল হাচানটুক বাসীৰ। বৰলীয়া নৈয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোৰ । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত হাচানটুক গাঁও গৰাখহনীয়াৰ কৱলত ।গাঁৱখনৰ মাজেদি বৈ যোৱা বৰলীয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ ফলত শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান, ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ।আনকি নদীৰ বুকুত বিলীন হৈছে শ’ শ’ বিঘা কৃষি ভূমি। গৰাখহনীয়াই গাঁৱখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।জানিব পৰা মতে এই গৰাখহনীয়া ৰোধ কৰিবলৈ কেইডালমান পাৰ্কো-পাইন বহুৱাই বিভাগে সামৰিছে দায়িত্ব ।বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিয়ে গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।স্থায়ী বান্ধৰ দাবী তুলিছে নৈপৰীয়া ৰাইজে ।উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত নেতা, জনপ্ৰতিনিধিয়ে স্থায়ী বান্ধৰ প্ৰতিশ্ৰুতি দিয়ে যদিওঁ নিৰ্বাচন শেষত সকলো প্ৰতিশ্ৰুতি পাহৰি যোৱাৰ অভিযোগ স্থানীয় নৈপৰীয়া ৰাইজৰ ।এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰৰ বিয়াগোম বিভাগটোৱে গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সামাজিক মাধ্যমত ঢাক-ঢোল বজাই আছে, তেনে সময়তে এই অঞ্চলটোৰ ৰাইজে বাৰিষা আহিলেই যেন চিন্তিত হৈ পৰে সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে ।