- শিৱসাগৰ, ২৮জুলাই২০২২: ২০৫০৩ নামনিমুৱা ৰাজধানী শিৱসাগৰ ৰে’ল ষ্টেচনৰ সমীপত অঘটন । বুধবাৰে নিশা ২০৫০৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছে কাটি টুকুৰা টুকৰ কৰে এজন অচিনাক্ত লোকক । অচিনাক্ত লোক জনৰ দেহৰ পৰা সম্পূৰ্ণ ৰূপে চিন্ন-বিচিন্ন হৈ পৰে তেওঁৰ মুণ্ড আৰু ভৰি । ১৬/১ আৰু ১৬/২ ৰে’লৱে ট্ৰেকৰ মাজত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো । যাক লৈ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে । ঘটনা সন্দৰ্ভত শিৱসাগৰ ৰে’লৱে ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰ পি এফে নাজিৰাৰ শিমলুগুৰি আৰ পি এফৰ উচ্চ পদস্থ বিষয়াক ঘটনাৰ সবিশেষ অৱগত কৰিছে । ইতিমধ্যে শিৱসাগৰ সদৰ থানা আৰক্ষী সহ শিমলুগুৰি আৰ পি এফৰ এটা দল আহি ঘটনা সংঘটিত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কিন্তু বৰ্তমানলৈকে অচিনাক্ত লোক জনক চিনাক্ত কৰিব পৰা নাই । আচলতে মৃত লোক জনৰ মৃত্যুৰ সঠিক কাৰণো জানিব পৰা হোৱা নাই! ই হত্যাকাণ্ড নে আন কিবা । আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ সবিশেষ পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে ।