তিনিচুকীয়া ৩০ জুলাই: তিনিচুকীয়াৰ শুকানপুখুৰী চাৰিসীমাৰ ভিতৰত আবাসিক এলেকাত থকা তৈলক্ষেত্ৰৰ বৃহৎ আকাৰ দ’ পুখুৰীত বাৰম্বাৰ আবেদন-নিবেদনৰ পাছতো পর্যাপ্ত পৰিমানৰ সুৰক্ষাৰ ব্যৱস্থা নকৰাৰ বাবে স্থানীয় বাসীন্দা ৰঘুনাথ ছেত্রী এই পুখুৰীত পৰি মৃত্যু হোৱা দুৰ্ভগীয়া দৰিদ্ৰ অসহায় পৰিয়ালক ক্ষতিপূৰন দিয়াৰ লগতে অন্যান্য প্রয়োজনীয় ব্যৱস্থাৰ কৰাৰ দাবীত আজি শুকান পুখুৰী আঞ্চলিক যুৱক সংঘই আজি অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ জনসম্পৰক্ষী বিষয়া লৈ এক দাবী পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে উল্লেখ কৰে যে শুকানপুখুৰীৰ পলিটেকনিকেল আৰু মেডিকেল শিক্ষা অনুষ্ঠানৰ সন্মুখৰ আবাসিক এলেকাত কেইবাটাও পইন্টৰ পৰা কোটি-কোটি টকাৰ খাৰুৱা তেল অইল ইণ্ডিয়া লিমিটেডে খনন কৰি আছে। শুকানপুখুৰীৰ সুন্দৰনগৰ আবাসিক এলেকাত তৈলক্ষেত্ৰৰ বাবে বৃহৎ বৃহৎ আকাৰ দ-দ পুখুৰী সমূহ খান্দি মুকলিকৈ মৰন-ফান্দ পাতি থৈছে। বাৰিষাত পানীৰে পুৰ হোৱাৰ সময়ত জীৱজন্তু পুখুৰীত পিছলি পৰি মৰে৷ যোৱা ইং ১৯/০৭/২০২২ তাৰিখে অইলৰ পুখুৰীৰ ওচৰত থকা এটা পৰিয়ালৰ মুৰব্বী ৰঘুনাথ ছেত্ৰী নামৰ ব্যক্তিজন এই অইলৰ পুখুৰীত পৰি মৃত্যু হব লগা হয় । পৰিয়ালৰ একমাত্র উপার্জনকাৰী ও মুৰব্বীজনে অইল বিভাগৰ ভুল আৰু গাফিলতিৰ বাবে এই মৰন ফান্দত পৰে। যিটো পুখুৰীত পৰি ব্যক্তিজনে মৃত্যুবৰণ কৰিব লগা হল সেই তৈলখাদৰ পৰা বর্তমান খনিজ পদার্থ সংগ্ৰহ কৰি থকা হৈ আছে । এই মৰনফান্দ পুখুৰীত মানুহ পৰি মৃত্যু হোৱাৰ সম্ভাৱনা অধিক আৰু পুখুৰিবিলাকত সুৰক্ষা ব্যৱস্থাৰ প্রয়োজনতা পূর্ব- অনুমান কৰি শুকানপুখুৰী আঞ্চলিক যুৱ সংঘই যোৱা ইং 28th June, 2021 তাৰিখে পত্ৰ নং TSK/HAYS/M-OIL/M-0010 যোগেদি এক দাবী পত্ৰ প্ৰদান কৰিছিল। আৰু পুনৰ ইং 08th July,2021 তাৰিখে পত্র নং TSK/HAYS/M-OIL/M-0011 যোগেদি সোঁৱৰাই দিয়াও হৈছিলে বুলি উল্লেখ কৰে সংগঠনটোৱে। কিন্তু বিষয়া সকলে বিহিত ব্যৱস্থা কৰিম বুলি কয় থকাৰ মাজতেই ইং ১৯/০৭/২০২২তাৰিখে অইল বিভাগৰ ভুলৰ আৰু গাফিলতিৰ বাবে এজন পৰিয়ালৰ মুলব্যক্তিক হেৰুৱাই পৰিয়াল এটা নিঠৰুৱা, দুৰ্ভগীয়া সন্তানে পিতৃহাৰা হয়। সেয়েহে আজি শুকানপুখুৰী আঞ্চলিক যুৱ সংঘ, · শুকানপুখুৰী মহিলা সুৰক্ষা সমিতি, ভাৰতীয় চাহ মজদুৰ সংঘ আৰু স্থানীয় সুন্দৰ নগৰবাসী ৰাইজে মৃতক পৰিয়ালক ক্ষতিপূৰন আৰু আবাসিক এলেকাৰ মুকলি পুখুৰিবিলাৰ সুৰক্ষাৰ বাবে মাকুম অ চি. এচৰ কাষত থকা তৈলখাদ সন্মুখত অইল ইণ্ডিয়া লি. বিৰুদ্ধে কেইবাটাও দাবীসহ প্রতিবাদী কাৰ্য্যসূচী দুঘণ্টীয়া “ অৱস্থান ধর্মঘট” সাব্যস্ত কৰে। সংগঠনকেইটাই শুকানপুখুৰীৰ সুন্দৰ নগৰত অৱস্থিত OIL তৈলখাদৰ অসুৰক্ষিত পুখুৰীত পৰি মৃত্যুবৰণ কৰা নেপালী সম্প্ৰদায়ৰ ৰঘুনাথ ছেত্ৰীৰ অসহায় পৰিয়ালক ক্ষতিপুৰন হিচাপে ১০ লাখ টকা প্ৰদান কৰা, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মৃতক ৰঘুনাথ ছেত্ৰীৰ পত্নী শ্ৰীমতী গীতা ছেত্ৰীক কৰ্মস্থাপনৰ ব্যৱস্থা কৰা, মৃতকৰ সন্তান বর্তমান অষ্টম শ্রেণীৰ ছাত্ৰী শ্ৰীমতী নিকিতা ছেত্রীক ডিগ্ৰীলৈকে শিক্ষা গ্রহনৰ সমুদাই খৰচৰ দায়িত্ব OIL কর্তৃপক্ষ বহন কৰা, সুন্দৰ নগৰৰ আবাসিক এলেকাৰ OILৰ মৰন ফান্দ সদৃশ্য পুখুৰী বিলালক শীঘ্ৰে স্থায়ী বাবে বেৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। পাঁচ দিনৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহন নকৰিলে অইলৰ বিৰুদ্ধে আৰু ন্যায় ক্ষতিপূৰ্ণ আৰু আবাসিক এলেকাৰ পুখুৰীবিলাক স্থায়ীভাৱে বেৰ দিয়া আদি বিষয়ৰ বাবে ধাৰাবাহিক ভাৱে তীব্র গনতান্ত্রিক আন্দোলন কার্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হব বুলি জানিব দিয়ে।