তিনিচুকীয়া ৩০ জুলাই : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱ লগত সংগতি ৰাখি ভাৰতৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত বিজুলী মহোৎসৱ উপলক্ষ্যে উজ্জ্বল ভাৰত উজ্জ্বল ভবিষ্যত’ শীর্ষক এক অনুষ্ঠান আজি তিনিচুকীয়া চৈখোৱা ৰাজহচক্ৰৰ মেগেলা গাওঁপঞ্চায়তৰ অন্তৰ্গত শংকৰ চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী বলিন চেতিয়া। মুখ্য অতিথি সাংসদ প্ৰদান বৰুৱাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগমৰ সাধাৰণ প্ৰৱন্ধক তথা “উজ্জল ভাৰত উজ্জ্বল ভবিষ্যত”ৰ তিনিচুকীয়া জিলাৰ নডেল বিষয়া ভৰত চন্দ্ৰ ডেকাই। সভাত বিদ্যুৎ উপভোক্তাসকলৰ মাজত বিদ্যুতৰ অপচয় আৰু বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দুখনকৈ সজাগতামূলক চুটি নাটক মঞ্চস্থ কৰাৰ লগতে সমগ্ৰ দেশতে বিদ্যুৎ বিভাগৰ উত্তোৰণ সন্দৰ্ভত সাতখনকৈ তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয়। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনি তথা দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ ৬ গৰাকী হিতাধিকাৰীক আজিৰ সভাত সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনি তথা দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি আচঁনিৰ জৰিয়তে দেশ তথা ৰাজ্যৰ প্ৰতিখন গাওঁৰ চুকে কোণে থকা প্ৰতি ঘৰে ঘৰে বিজুলী সংযোগ পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। বিধায়কগৰাকীয়ে বিদ্যুতৰ উপভোক্তাসকলক বিজুলী মাচুল নিয়মিত পৰিশোধ কৰিবলৈ আৰু বিদ্যুতৰ চুৰি বন্ধ কৰিবলৈ আহ্বান জনায়। লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাদেৱে বৰ্তমানৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত শক্তি বিভাগত ব্যাপক পৰিৱৰ্তনৰ সুচনা হৈছে বুলি উল্লেখ কৰে। বৰ্তমানৰ চৰকাৰখনে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিজুলী সংযোগ দিবলৈ সংকল্পবদ্ধ বুলিও সাংসদগৰাকীয়ে নিজ ভাষণত উল্লেখ কৰে। বৰ্তমানৰ চৰকাৰখনে বিভিন্ন স্থানত শৌৰশক্তি প্ৰকল্প স্থাপন কৰি সৌৰশক্তি উৎপাদনৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে বুলিও সাংসদগৰাকীয়ে কয়। সভাত উপস্থিত সকলো ৰাইজকে বিদ্যুতৰ অপচয় তথা বিদ্যুৎ চুৰি কাৰ্য্যত লিপ্ত নহবলৈ সাংসদগৰাকীয়ে আহ্বান জনায়। আজিৰ সভাত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগমৰ বিষয়বৱীয়াসকলৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থাকে।