তিনিচুকীয়া ১ আগষ্ট : তিনিচুকীয়া নিৰ্বাচনী জিলাত ফটো-সম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰৰ সংযোজন, নতুন ব্যৱহাৰ-অনুকূল ভোটাৰ পঞ্জীয়ন প্ৰপত্ৰ তথা বিশেষ সংক্ষিপ্ত সংশোধনী-২০২৩ ৰ আনুষ্ঠানিক উন্মোচন কাৰ্যসূচী আজি তিনিচুকীয়া বানিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কাৰ্য্যসূচীত তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, তিনিচুকীয়া বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চৈতন্য বৰা, উপাধক্ষ্য ড০ শিখামণি দত্ত, লাইব্ৰেৰিয়ান সদানন্দ নাথ প্ৰমুখ্যে মহাবিদ্যালয়খনৰ প্ৰৱক্তাসকল আৰু ১৭ বছৰৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰীসকল তথা বুথ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াই জানিবলৈ দিয়ে যে, ১৭ বছৰৰ উৰ্ধৰ যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব। পূৰ্বেতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ভিত্তি তাৰিখ বছৰেকত এবাৰ অৰ্থাৎ ১ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ সংশোধনী কৰি বছৰটোৰ ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে । নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াই ১৭ বছৰ উৰ্ধৰ যুৱক-যুৱতীসকলক অনলাইন ব্যৱস্থাৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিবলৈ আহ্বান জনায় । নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে,ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰতিগৰাকী ভোটৰৰ ফটোসম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে স্বেচ্ছামূলক ভাবে আধাৰ নম্বৰ সংযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে ৬খ প্ৰ-পত্ৰ অনলাইন বা অফলাইনযোগে পূৰণ কৰি আধাৰ সংযোগ সম্পূৰ্ণ কৰিবলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়। তেওঁ সকলো ভোটাৰকে গুগুল প্লে’ ষ্ট’ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ইনষ্টল কৰি অনলাইন ব্যৱস্থাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ কয়। আনহাতে ২ আগষ্টৰ পৰা বি.এল.অ সকলৰ ফটোসম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোজন পক্ৰিয়াৰ প্ৰশিক্ষণ আৰম্ভ হব বুলি নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াই জানিবলৈ দিছে।

Home অসম আৰু উত্তৰপূব তিনিচুকীয়াত ফটো-সম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰৰ সংযোজন, নতুন ব্যৱহাৰ-অনুকূল ভোটাৰ পঞ্জীয়ন...