অভয়াপুৰী, ২ আগষ্টঃ বঙাইগাও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ২ নং বাশবাৰীত আই নদীৰ ভয়াৱহ খহনীয়া আৰু বানপানীৰ ফলত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে । বছৰটোৰ তৃতীয়টো বানত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । খাদ্য, চিকিৎসা আদিৰ ক্ষেত্ৰতো যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে বানাক্ৰান্তসকলে । ইপিনে নৈ খনৰ খহনীয়াত গৃহহীন হোৱা ৩০ টা পৰিয়াল এখন মথাউৰিত আশ্ৰয় গ্ৰহন কৰিছিল যদিও শেহতীয়া ভাৱে হোৱা বানপানীৰ ফলত উক্ত মথাউৰি নৈৰ বুকুত জাহ যোৱাত খহনীয়াগ্ৰস্ত পৰিয়াল সকল দিশাহাৰা হৈ পৰিছে । আনহাতে গড়কাপ্তানি পথ, শিক্ষা প্ৰতিষ্ঠান, আন শ শ পৰিয়াল লৈ খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য্য বিচাৰি ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কামনা কৰাৰ লগতে আই নদীৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে জলসম্পদ বিভাগক অনুৰোধ জনাইছে ।
