লখিমপুৰ, ২ আগষ্ট ; বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত অসমীয়া যূৱ মঞ্চই ৰাজ্যৰ সংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমীয়া যূৱ মঞ্চই আজি লখিমপুৰ নগৰৰ মাজমজিয়াত মন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সন্মুখত দিল্লীত বিকৃত ৰূপত বিহুক উপস্থাপন কৰা দলটিৰ ওপৰত শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । লখিমপুৰত আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসমীয়া যূৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নেতা অনুপম শইকীয়াই ।