লখিমপুৰ, ২ আগষ্ট: যি সময়ত দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে সেই সময়তে ৰাজ্যত পৰিস্ফূট হৈছে উন্নয়নৰ এখন ফোঁপোলা ছবি । বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ এই উন্নয়নৰ দিনতো লখিমপুৰ জিলাৰ ১১০নং নাওবৈচা সমষ্টিৰ ফুলবাৰী পঞ্চায়তৰ অধীনস্থ ৰংপুৰীয়া গাঁৱৰ বাট পথৰ দুৰ্দশাগ্ৰস্ত অৱস্থাই ৰাইজক চৰম হাৰাশাস্তি ভোগাইছে ।যত পথ,দনঙৰ দুৰৱস্থাৰ বাবেই ৰোগীক নিবলৈ নাহে এম্বুলেন্স । নাহে নহয়, আহিব পৰাকৈ পথৰ কোনো সু-ব্যৱস্থাই নাই এই ৰংপুৰীয়া গাঁৱত । উল্লেখযোগ্য যে পাঁচটা বছৰৰ পূৰ্বে পাভনদীৰ মথাউৰি চিগাৰ লগতে গাঁওখনৰ মাজত থকা দুটাকৈ কালৰ্ভাট পানীয়ে উটুৱাই নিছিল । ইয়াৰ পাছৰে পৰাই গাঁওখনৰ এটা স্থানৰ পৰা আনটো স্থানলৈ যাতায়াত কৰাত সমস্যাৰ সন্মুখীন হয় ৰাইজ ব্যাহত হৈ পৰে যোগাযোগ ব্যৱস্থা । আনকি জৰুৰী অৱস্থাৰ সময়ত এখন উদ্ধাৰকাৰী বাহনো আহিব নোৱাৰে উক্ত স্থানলৈ ৷এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও কোনো সুফল লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে – এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে মিলি চিগি যোৱা কালভাৰ্টৰ ওপৰত লোহাৰ ৰড সদৃশ কেইটুকুৰামান চিৰি পাৰি কোনোমতে অহা-যোৱাৰ ব্যৱস্থা কৰে ৷উক্ত অঞ্চলটোলৈ যান-বাহন যাব নোৱাৰাৰ বাবে ৰোগীক ডাংকোলা কৰিহে চিকিৎসালয়লৈ নিব লগীয়া হোৱা দৃশ্য এতিয়া অঞ্চলটোত অতি সুলভ । যাৰ পৰিণতিত যমৰ যাতনা ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে । প্ৰকাশযোগ্য যে ১৯৬৭ চনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা নাওবৈচা সমষ্টিত বিধায়ক হৈ থকা অৱস্থাত ৰংপুৰীয়া ঢেকীয়াজুলি সংযোগী এই গ্ৰাম্য পথটো গড়কাপ্তানি পথলৈ উন্নীতকৰণ কৰিছিল। সুদীৰ্ঘ বছৰৰ পাছত ২০০৮ চনত পকীকৰণ হৈছিল যদিও ২০১৫ চনত পাভ আৰু বোকানদীৰ বানত পথটোত থকা দুটা কালভাৰ্ট নিমিষতে উটুৱাই নিছিল।কিন্তু আজি পৰ্যন্ত পথটোৰ ওপৰত কালভাৰ্ট দুটা নিৰ্মাণ নহল।তিনিডাল লোহাৰ চিৰিৰে অব্যাহত ৰাখিছে যাতায়ত।এই চিৰিৰ পৰা দৈনিক ছাত্র ছাত্ৰীৰ লগতে বৃদ্ধ লোক পৰি সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক পথটো পুনৰ নিৰ্মান কৰিবৰ বাবে নজৰ দিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ।

Home অসম আৰু উত্তৰপূব লখিমপুৰৰ নাওবৈচাত উন্নয়নৰ ফোপোলা ছবি: ৰোগীক চিকিৎসালয়লৈ নিব লাগে ডাংকোলাত উঠাই :...