হাটশিঙীমাৰী, ৩ আগষ্টঃ দক্ষিণ শালমাৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে একাংশ সদস্যই অভিযোগ কৰা মতে, সভাপতি আৰু সম্পাদকে প্ৰাথমিক বিদ্যালয় আৰু অঙ্গনাবাদী কেন্দ্ৰৰ কণকণ শিশুৰ নামত অহা চাউলৰ পৰা কৰ্তন কৰি মাহেকত লক্ষাধিক টকা অবৈধ ভাবে লুণ্ঠন কৰি আছে৷ সমবায় খনৰ এই চাউল কৰ্তনত একাংশ সদস্যই বাধা দিয়াৰ বাবে সমবায় সমিতি স্থানান্তৰৰ বাবে সভাপতি সম্পাদক আৰু কেইজনমান সদস্যই অপচেষ্টা চলাই আছে বুলি অভিযোগ উত্থাপন কৰিছে স্বয়ং উপ সভাপতি মমিনুৰ ৰহমান প্ৰধানীৰ লগতে কেইজনমান সদস্যই৷

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা সমবায় সমিতিৰ সভাপতি হাছিদুৰ ৰহমান আৰু সম্পাদক জনে গোপনে সমিতি খনৰ আন ৯ জন সদস্যক লৈ ষড়যন্ত্ৰমুলক ভাবে সমবায় সমিতিখন টুমনি বজাৰৰ পৰা পাটাকাটা বজাৰলৈ স্থানান্তৰ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে সমবায় সমিতিখনত প্ৰতি তিনি মাহৰ মুৰে মুৰে বিদ্যালয়ৰ দূপৰীয়া আহাৰ আৰু অঙ্গনাবাদী কেন্দ্ৰৰ নামত প্ৰায় ১৬০০ কুইণ্টল চাউল চৰকাৰী ভাবে আহে। কিন্তু উক্ত ১৬শ কুইণ্টল চাউলৰ পৰা প্ৰায় ৭০ কুইণ্টল চাউল সমিতিৰ সভাপতি আৰু সম্পাদকে কৰ্তন কৰি বাকী চাউল খিনি বিতৰণ কৰে। একেদৰে সুলভ মুল্যৰ হিতাধিকাৰীৰ নামত অহা প্ৰায় ৩৭০০ কুইণ্টল চাউলৰ ভিতৰত প্ৰায় ৩৪ কুইণ্টল চাউল কৰ্তন কৰি মাহেকত সভাপতি আৰু সম্পাদক জনে প্ৰায় ডেৰ লাভ কৰাৰ মুনাফা লাভ কৰি অহাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে সমিতি খনৰ আন কেবাজনো সদস্য আৰু উপ সভাপতিয়ে। সভাপতি, সম্পাদক জনে চাউল কৰ্তন কৰি মুনাফা লোৱাৰ বিৰুদ্ধে সমিতিখনৰ উপ সভাপতি আৰু আন একাংশ সদস্যই বাধা দিয়াৰ ফলত টুমনিৰ পৰা পাটাকাটাত সমিতিখন স্থানান্তৰ কৰিবলৈ জো-জা চলাই থকাত সাধাৰণ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াক লৈ টুমনিত কালি স্থানীয় একাংশ সচেতন লোক, সমিতিৰ সদস্য তথা উপসভাপতি জনে এক ৰাজহুৱা সাধাৰণ সভাৰ আয়োজন কৰি কোনো মতে যাতে এই সমিতিখন পাটাকাটালৈ নিয়া নহয় তাৰ বাবে জিলা প্ৰশাসনক এখন লিখিত অভিযোগ দাখিল কৰা হয়। জিলা প্ৰশাসনে এই ধুৰন্ধৰ সভাপতি আৰু সম্পাদক জনৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয় বিষয়৷