গুৱাহাটী,৯ আগষ্ট : ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি চলিছে আৰু এতিয়ালৈ ৰাজ্যখনত প্ৰায় ৫৩ লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে। এই কথা সদৰি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। মন্ত্রীগৰাকীয়ে জনোৱা মতে ৰাজ্যখনত থকা ৩৪ হেজাৰ সুলভ মূল্যৰ দোকানক ৩৯ লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ বাবে দিয়া হৈছিল আৰু ইয়াৰে এতিয়ালৈ ২০ লাখ পতাকা ৰাইজে ক্ৰয় কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনেও ৰাজ্যখনত আত্ম-সহায়ক গোট সমূহৰ জৰিয়তে ৩৫ লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিবলৈ লৈছে আৰু ইয়াৰে এতিয়ালৈ ৩৩ লাখ পতাকা বিক্ৰী হৈছে। ৰাজ্যখনত এতিয়ালৈ প্ৰায় ৫৩ লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ৬৫ লাখ পৰিয়ালক সামৰি লোৱাৰ চৰকাৰৰ লক্ষ্য আছিল আৰু এতিয়ালৈ ৫৩ লাখ পতাকা বিক্ৰী হৈছে, সেয়েহে ৬৫
লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যত নিশ্চিতভাৱে উপনীত হ’ব পৰা যাব। আনহাতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ “হৰ ঘৰ তিৰংগা” কাৰ্যসূচী সফল কৰি তুলিবলৈ জনসাধাৰণে দেখুউৱা উৎসাহ, উদ্দীপনা আৰু সঁহাৰিৰ বাবে মন্ত্রীগৰাকীয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।