গোৰেশ্বৰ, ৯ আগষ্টঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰত দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “হৰ ঘৰ ত্ৰিৰংগা” আহ্বানৰ প্ৰতি সহাৰি জনাই গোৰেশ্বৰ মণ্ডল বিজেপিৰ সজাগতামূলক বিশাল বাইক ৰেলী উলিওৱা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ নিৰ্দেশ মৰ্মে গোৰেশ্বৰ মণ্ডল বিজেপিৰ সহযোগত আৰু গোৰেশ্বৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত এই বিশাল বাইক ৰেলী বাহিৰ কৰে। তদুপলক্ষে আজি গোৰেশ্বৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণৰ পৰা উলিওৱা বিশাল বাইক ৰেলিটি গোৰশ্বৰৰ কেৰ্পাভিঠা,ৰৌমাৰী, ৰামছাঝাৰ,মহৰিপাৰা হৈ পুনৰ গোৰেশ্বৰ দূৰ্গামন্দিৰত উপস্থিত হয় ।ইপিনে উক্ত বিশাল বাইক ৰেলী অনুষ্ঠানৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰনেন্দ্ৰ নাৰ্জাৰীয়ে ।লগতে তেওঁ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বাইক চলাই বাইক ৰেলীত অংশগ্ৰহণ কৰে ।
