তিনিচুকীয়া ১০ আগষ্ট: “হৰ ঘৰ তিৰংগা” কাৰ্যসূচীৰ অংশৰূপে তিনিচুকীয়া ৰাজহচক্ৰ কাৰ্য্যালয়ৰ উদ্যোগত আজি বৰগুৰি অফিচাৰ্চ ক্লাৱৰ পৰা এটা সজাগতা বাইক ৰেলী উলিওৱা হয়। জিলা উন্নয়ন আয়ুক্ত শ্ৰী নয়নজ্যোতি ভাগৱতীয়ে এই সজাগতা বাইক ৰেলীৰ ফ্লেগ অফ কৰে। হৰ ঘৰ ত্রিৰংগা বাইক ৰেলীৰ ফ্লেগ অফ কৰাৰ আগেয়ে জিলা উন্নয়ন আয়ুক্ত শ্ৰী নয়নজ্যোতি ভাগৱতীয়ে উপস্থিত সকলোকে স্বাধীন ভাৰতৰ একতা আৰু গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখনৰ গৰিমা গভীৰভাবে উপলব্ধি কৰি সকলোকে নিজ নিজ বাসগৃহত, ব্যৱসায়িক প্ৰতিষ্ঠানত, সকলো চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়ত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । আজি অনুষ্ঠিত “হৰ ঘৰ ত্রিৰংগা” সজাগতা বাইক ৰেলীৰ ফ্লেগ অফ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, সহকাৰী আয়ুক্ত নিলাক্ষী ভূঞা আৰু অপৰুপা বৰগোহাঁইৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আনহাতে বাইক ৰেলীত ৰাজহচক্ৰ বিষয়া চিন্ময় পাথক, ৰাজহচক্ৰ বিষয়া (সংলগ্ন) ডিম্পী ভট্টাচাৰ্যী, সহকাৰী আয়ুক্ত নিলুৰাম শৰ্মা, জিলা পৰিবহন বিষয়া ৰাজীৱ পেগু প্ৰমুখ্যে তিনিচুকীয়া ৰাজহচক্ৰৰ কাৰ্য্যালয়, আৰক্ষী বিভাগ, পৰিবহন বিভাগ আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়া- কৰ্মচাৰীসকলৰ লগতে CRPF ৰ জোৱানসকলেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ অংশৰূপে তিনিচুকীয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত “তিনিচুকীয়া এ.নিউ হাইস্কুলত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্বধীন ভাৰতৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখনিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হয়।