তিনিচুকীয়া, ১১ আগষ্ট ২০২২ঃ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তিনিচুকীয়া চহৰৰ মাজমজিয়াস্থিত নপুখুৰী উৰণীয়া সেতুৰ সমিপৰ এটা ডেম্পত অভিযান চলাই ১৯ বস্তা গুলিৰ কাৰ্টিজ জব্দ কৰিবলৈ সক্ষম হয় ।নীতি-বহিভূত ভাবে ডেম্পটোত অবৈধ ভাবে মজুত ৰাখিছিল গুলিৰ কাৰ্টিজ সমূহ ।
ইয়াৰ ওপৰিও ডেম্পটোত অইলৰ চুৰি সামগ্ৰী চুৰি মটৰ চাইকেল থকাৰ কথাও আৰক্ষী অনুসন্ধানত পোহৰলৈ আহিছে । ইতিমধ্যে ডেম্পটোৰ স্বতাধিকাৰী বিৰেন্দ্ৰ শ্বাহক আটক কৰি সুধপোচ অব্যাহত ৰাখিছে । এতিয়া প্ৰশ্ন হল চহৰখনত ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো সজীৱ গুলিৰ আৰু গুলিৰ খালি কাৰ্টিজ কৰ পৰা আহিল সেয়া তদন্ত কৰিছে আৰক্ষীয়ে ।