গুৱাহাটী,১২ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ চৰকাৰী আৱাসত আজি পবিত্র ৰাখীবন্ধন উৎসৱ পালন কৰা হয়। ব্ৰহ্মকুমাৰীৰ ভনীসকল, এছ অ’ এছ শিশু গাঁও গুৱাহাটীৰ কণমানিসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভনীসকলে মুখ্যমন্ত্রীক ভাতৃ-ভগ্নীৰ মৰম-চেনেহ আৰু দায়িত্ববোধৰ এনাজৰী ৰাখী বান্ধি মৰম আৰু শ্ৰদ্ধাৰে ওপচাই দিয়ে। অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলকে ধৰি ভালেকেইগৰাকী কেবিনেট মন্ত্রী আৰু মুখ্যমন্ত্রীৰ কন্যা সুকন্যাও উপস্থিত আছিল।