তিনিচুকীয়া ১২ আগষ্ট: তিনিচুকীয়া জিলা সমাজকল্যাণ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত আজি স্বাস্থ্যবান শিশু বঁটা অনুষ্ঠান তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিশান। উল্লেখযোগ্য যে, পোষণ অভিযানৰ সময়ছোৱাত জিলাখনৰ কেউটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনৱাড়ী কেন্দ্রৰ জন্মৰে পৰা ছয় বছৰ বয়সলৈকে যিসকলৰ শিশুৰ ওজন তথা বিকাশ বয়স অনুপাতে সঠিক পোৱা গৈছে তেনে ১০ গৰাকী শিশুক আজি মাননীয় শ্ৰম মন্ত্ৰী শ্ৰী সঞ্জয় কিশান মহোদয়ে স্বাস্থ্যবান শিশুৰ বঁটা আগবঢ়ায়। স্বাস্থ্যবান শিশুৰ বঁটা লাভ কৰা শিশুসকল হৈছে ইটাখুলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ চানভি মানকি, হাপজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ হাৰ্দিক গগৈ আৰু আৰয়ান তাঁতী, মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ তনু চাৱাৰি আৰু ৰাঘৱ শৰ্মা, কাকপথাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ চাচিকা মৰাণ, তিনিচুকীয়া নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ প্ৰিয়ম সিং, শদিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ সুভৰন্ত ৰানা ,চৈখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ প্ৰতিভা মিনজ’, গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ কাব্যম গোহাঁই। আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত শ্ৰী চৰফ্ৰাজ হ’ক মহোদয়ে জিলাখনত সমাজকল্যাণ বিভাগৰ দ্বাৰা গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা, শূন্যৰ পৰা ছয় বছৰৰ শিশু তথা কিশোৰী কন্যা সন্তানৰ বাবে সমগ্ৰ জিলাখনতে ৰূপায়িত হৈ থকা কল্যাণমূলক আচঁনিসমূহৰ বিষয়ে উল্লেখ কৰে। জিলাখনত গৰ্ভৱতী তথা দুগ্ধপান কৰোৱাই থকা মহিলাৰ লগতে শূন্যৰ পৰা ছয় বছৰৰ শিশুৰ পৰিপুষ্টিৰ বাবে সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা নিৰলস প্ৰচেষ্টা চলাই থকা হৈছে বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে। জিলা উন্নয়ন আয়ুক্ত শ্ৰী নয়নজ্যোতি ভাগৱতীয়ে শিশুসকলৰ সুস্বাস্থ্যৰ বাবে মাতৃ সকলক সচেতন হোৱাৰ লগতে পুষ্টিকৰ খাদ্যৰ বিষয়ে ভালদৰে অৱগত হোৱাটো নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে। আনহাতে আজিৰ বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰম মন্ত্ৰী শ্ৰী সঞ্জয় কিশান মহোদয়ে দেশৰ ভৱিষ্যতৰ বাবে প্ৰতিগৰাকী শিশু স্বাস্থ্যবান হোৱাটো নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে, চাহবাগিচা অঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ শিশুসকলৰ পৰিপুষ্টিৰ ওপৰত বিশেষভাবে গুৰুত্ব দিবলৈ অনুৰোধ জনায়। আনহাতে অংগনৱাড়ী কেন্দ্রসমূহ সঠিকভাবে পৰিচালনা কৰিবলৈও সংশ্লিষ্ট বিভাগক মন্ত্ৰী শ্ৰী কিশানে আহ্বান জনায়। আজিৰ অনুষ্ঠানত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, অংগনৱাড়ী কৰ্মীসকলৰ লগতে সমাজকল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানৰ আতঁধৰে ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া শ্ৰী নিলুৰাম শৰ্মাই।
Home অসম আৰু উত্তৰপূব তিনিচুকীয়াত স্বাস্থ্যবান শিশু বঁটা। সমাজকল্যাণ বিভাগৰ তৰফৰ পৰা ১০ গৰাকী স্বাস্থ্যবান শিশুলৈ...