তিনিচুকীয়া ১৩ আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত তিনিচুকীয়া ন-পুখুৰী মৰুৎ নন্দনকানন পাৰ্কত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া “অমৃত সৰোবৰ মহোৎসৱ”ৰ আজি শুভাৰম্ভণি কৰা হয়। এই উপলক্ষে পৌৰসভাৰ সভাপতি শ্ৰী জয়ন্ত বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিশান। সভাৰ আৰম্ভনীতে মাননীয় শ্ৰম মন্ত্ৰী শ্ৰী সঞ্জয় কিশানে জাতিৰ পিতা মহাত্মা গান্ধী প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আজিৰ “অমৃত সৰোবৰ মহোৎসৱ”ৰ কাৰ্য্যসূচীত তিনিচুকীয়া জিলাৰ উপায়ুক্ত শ্ৰী নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত শ্ৰী নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, মটক স্বায়ত্ব পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই,তিনিচুকীয়া পৌৰসভাৰ উপ-সভাপতি নবনীতা আগৰৱাল প্ৰমুখ্যে তিনিচুকীয়া জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, পৌৰসভাৰ বিষয়া কৰ্মচাৰীসকল তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰম মন্ত্ৰী শ্ৰী সঞ্জয় কিশান মহোদয়ে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে পানীৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক জলাশয় তথা ঐতিহাসিক পুখুৰীসমূহৰ সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এই অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে তিনিচুকীয়া জিলাৰ প্ৰতিটো প্ৰাকৃতিক জলাশয় তথা ঐতিহাসিক পুখুৰীৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এইক্ষেত্ৰত ৰাইজৰ সহযোগিতাও কামনা কৰে। আনহাতে আজাদিকা অমৃত মহোৎসৱ উপলক্ষে সমগ্ৰ দেশজুৰি চলাই থকা “হৰ ঘৰ ত্রিৰংগা” কাৰ্যসূচীত প্ৰতিজন নাগৰিকক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰী মহোদয়ে আহ্বান জনায়। জিলা উপায়ুক্ত নৰসিং পৱাৰে তিনিচুকীয়া জিলাখনক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সকলোৰে একগোট হৈ এটা টীম হিচাপে কাম কৰিব লাগিব বুলি কয়। উপায়ুক্তগৰাকীয়ে জিলাখনৰ প্ৰতিটো প্ৰাকৃতিক জলাশয় তথা ৰজাদিনীয়া পুখুৰীসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও উল্লেখ কৰে। আনহাতে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি উদ্যাপন কৰি থকা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশস্বৰূপে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সকলো জিলাবাসীকে উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ উপায়ুক্ত নৰসিং পৱাৰে আহ্বান জনায়। প্ৰতিজন নাগৰিকক ত্ৰিৰংগা পতাকাখনৰ গৰিমা গভীৰভাবে উপলব্ধি কৰি ৰাষ্ট্ৰীয় পতাকাৰ সঠিকভাবে উত্তোলন আৰু ১৫ আগষ্টৰ পাছত পতাকাখনৰ সঠিকভাবে সংৰক্ষণ কৰিবৰ বাবে জিলা উপায়ুক্ত মহোদয়ে আহ্বান জনায়।আজিৰ “আজাদিকা অমৃত সৰোবৰ” কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।