লখিমপুৰ, -১৮ আগষ্ট:- বিগত ডেৰ দশক ধৰি ঢকুৱাখনা মহকুমাৰ বিভিন্ন ঠাইত চুৰি,ডকাইতি , হত্যা ,ধৰ্ষণ আদি অসংখ্য ঘটনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুধৰ্ষ অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱাৰ আজি অৱশেষত মৃত্যু হৈছে।আজি পুৱতি নিশা ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কিলাকিলিৰ নদীৰ পানীত আত্মগোপন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে গেৰজাইক প্ৰত্যক্ষ কৰি কৰায়ত্ব কৰে।ইফালে গেৰজাইক ধৰাৰ খবৰ আৰক্ষীক জনাই বাটচ’ৰামুখৰ গাঁওৰক্ষী বাহিনীয়ে।আৰক্ষী আহি পোৱাৰ পূৰ্বেই গেৰজাইক ক্ষুব্ধ ৰাইজে উত্তম-মাধ্যম দি গুৰুত্বৰভাৱে আহত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গেৰজাইক নিজৰ জিম্মাত লৈ ১০৮ যোগে আনি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইহি যদিও চিকিৎস্যকে মৃত বুলি ঘোষণা কৰে ৮.৩৫ বজাত।ইফালে এই ঘটনাত আৰক্ষী জোৱান যজ্ঞোৰাম চিন্তে গৃহৰক্ষী জোৱান গুণাভি বৰুৱাও গুৰুত্বৰভাৱে আহত হয়।দোয়োকে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে লক্ষীমপুৰলৈ প্ৰেৰণ কৰা হৈছে।উল্লেখ্য যে ঢকুৱাখনা আদালত চলি থকা গোচৰ নম্বৰ-GR-263/19,GR-75/21 আৰু GR-106/21ৰ শুনানীৰ বাবে যোৱা ১৬ আগষ্টত লখিমপুৰ জিলা কাৰাগাৰৰ পৰা ঢকুৱাখনালৈ অনা মৃত গেৰজাই ওৰফে ৰাজু বৰুৱা,যতীন তামুলী আৰু সোনটি দাসে লকাপৰ ভিতৰৰ শৌচাগাৰৰ গীল ভাঙি পলায়ন কৰিছিল আৰক্ষী,নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি।লগে লগেই অভিযান চলাই আৰক্ষীয়ে বিয়লিলৈ পলাতক তিনি আচামীৰ এটা বৰদৈ বামৰ যতীন তামুলীক ১ নং বান্টৌ গাঁৱৰ দ-পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও বাকী দুজনক ধৰিব পৰা নাছিল।তিনিদিনে পলাতক হৈ থকা গেৰজাই ওৰফে ৰাজু বৰুৱাক আজি পুৱতি নিশা ঘিলামৰা থানাৰ অন্তৰ্গত কিলাকিলি গাঁৱৰ এটা জানত পানীত আত্মগোপন কৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দি ধৰাৰ যো-জা চলাই।আৰক্ষী গৈ ঘটনাস্থলীত পোৱাৰ পূৰ্বেই গেৰজাইয়ে ৰাইজলৈ উভটি চোঁচা লোৱাত হতাহতি হয়।ফলত ক্ষুব্ধ ৰাইজৰ মাৰত বেয়াকৈ আহত হয় দুধৰ্ষ আচামী গেৰজাই।আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি আনি ঢকুৱাখনা মহকুমা অসামৰিক চিকিসালয়ত ভৰ্তি কৰাইহি যদিও চিকিৎসকে চাই মৃত বুলি ঘোষণা কৰে।ইয়াৰ পিছতেই দুধৰ্ষ আচামী গেৰজাইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে কাৰ্যবাহী দণ্ডাধীশ অভিজাত বৰা চিকিসালয়ত উপস্থিত হৈ।গুৰুত্ব কথা যে ইয়াৰ পূৰ্বেও গেৰাইয়ে উত্তৰ লক্ষীমপুৰ অসমাৰিক চিকিৎসালয়ত চিকিধীন অৱস্থাত থকাৰ সময়তে হাতত হেণ্ডকাপ লৈ পলায়ন কৰিছিল আৰক্ষীৰ বেহু ফালি ২০২১ চনৰ ২৪ চেপ্তৰত।ইফালে গেৰজাইক ধৰিবলৈ পুনৰ আৰক্ষীয়ে অভিযান ছলাই অৱশেষত ২০২২ চনৰ ২২ ফেব্ৰুৱাৰীত ঢকুৱাখনা থানাৰ কপৌহুৱা গাঁৱত চৰিকড়িয়া নৈৰ পাৰত ৰবাৰ বুলেটেৰে গুলী কৰি ধৰিবলৈ সক্ষম হৈছিল।তেতিয়াৰ পৰাই লখিমপুৰ জিলা কাৰাগৰত থকা ৰাজু ওৰফে গেৰজাইৰ বিৰুদ্ধে শিৱসাগৰ,
গোগামুখ, ঢকুৱাখনা,ঘিলামৰা আদি থানাত একাধিক অপৰাধৰ গোচৰ পঞ্জীয়ন হৈ আছিল আৰু আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল।