বঙাইগাঁও ২১ আগষ্টঃ– ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা দুদিনীয়া কাৰ্যসূচীৰে হোজাইৰ ষ্টাৰ হোটেলত সমাপ্ত হয়। এই সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বাবে সম্পূৰ্ণ প্ৰস্তুত হ’বলৈ দলীয় কাৰ্যকৰ্তা সকলোক আহ্বান জনায়। যিহেতু লোকসভা নিৰ্বাচনৰ আগে পঞ্চায়ত নিৰ্বাচন আছে তাৰ বাবে পঞ্চায়ত নিৰ্বাচনক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ছেমি ফাইনেল হিসাবে এতিয়াৰ পৰা কাম কৰি যাবলৈ সকলোকে অনুৰোধ জনায় মঙ্গলদৈ লোকসভা সমষ্টি ৰ সাংসদ তথা বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। সংখ্যালঘু উন্নয়ন তথা বিভিন্ন আচনিৰ বিষয়ে বিস্তাৰিত আলোচনা কৰে সংখ্যালঘু উন্নয়নৰ কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

আজিৰ এই সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন ৰায়, সাংসদ দিলিপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা, অসম চৰকাৰৰ সংখ্যালঘূ উন্নয়ন বৰ্ডৰ চেয়াৰমেন হাবিব মহাম্মদ চৌধুৰী, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কেন্দ্ৰীয় সভাপতি জামাল চিদ্দিকি, অসম প্ৰদেশৰ সভাপতি শান্তিয়াছ কুজুৰ, কেন্দ্ৰীয় বিষয়ববীয়া, ৰাজ্যিকৰ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্য সদস্যা সকলৰ লগতে প্ৰতিটো জিলাৰ সভাপতি সাধাৰণ সম্পাদকদ্বয় উপস্থিত থাকে ।