নেচনেল ডেক্স,২২ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়ালৈ বিজেপিৰ বিশেষ অ’ফাৰ। আপ এৰি বিজেপিলৈ আহিলে চি বি আই-ইডিত থকা সকলো গোচৰৰ পৰা মুক্ত হৈ যাব মনীষ ছিচ’দিয়া। ইতিমধ্যে টুইটাৰত এই বিস্ফোৰক টুইট কৰিছে মনীষ ছিছ’দিয়াই। ছিছ’দিয়াৰ এই টুইটৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু মনীষ ছিছ’দিয়াই এই প্ৰস্তাৱটো অস্বীকাৰ কৰি টুইটত কয় যে “মই এজন ৰাজপুত, মহাৰাণা প্ৰতাপৰ বংশধৰ। মই মোৰ মূৰটো কাটি দিম, কিন্তু দুৰ্নীতিগ্ৰস্ত ষড়যন্ত্ৰকাৰীসকলৰ সন্মুখত নত নহ’ম। মোৰ বিৰুদ্ধে থকা সকলো গোচৰ মিছা। আপুনি যি কৰিব বিচাৰে সেয়া কৰক।” উল্লেখ যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ বিৰুদ্ধে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্ত অব্যাহত আছে। দিল্লীৰ আবকাৰী নীতি ৰূপায়ণত অনিয়মৰ অভিযোগৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ দ্বাৰা পঞ্জীয়ন কৰা এখন এজাহাৰত নাম থকা ১৫ জন লোক আৰু প্ৰতিষ্ঠানৰ ভিতৰত মনীষ চিছোদিয়াও আছে। যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে উপ-মুখ্যমন্ত্ৰীগৰাকী। কিন্তু এই সকলোবোৰৰ পাছতো সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে গুজৰাট ভ্ৰমণৰ বাবে গৈছে ছিচ’দিয়া।