নিউজ ডেক্সঃ ম’বাইল আৰু লেপটপে দৈনন্দিন কামবোৰ সহজ কৰি তুলিলেও ইয়াৰ অত্যাধিক ব্যৱহাৰে আনিব পাৰে বিপদ। কিয়নো মোবাইল বা লে্পটপ অত্যাধিক ব্যৱহাৰ কৰা প্ৰায় ৮০ শতাংশ লোক নিউৰ’লিংগিয়া ৰোগত আক্ৰান্ত হৈছে। জিএছভিএম চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থোপেডিক আৰু এনাস্থেচিয়া বিভাগৰ অধ্যয়নত এই কথা প্ৰকাশ পাইছে। গৱেষণাটোত ১৭০ জন ৰোগীক লৈ কৰা হয় য’ত আছিল ১৩ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ আৰু ২২ ৰ পৰা ৪৯ বছৰ বয়সৰ যুৱক-যুৱতী এনে ৰোগীৰ হাত আৰু কিলাকুটিত অসহনীয় বিষ হোৱা বুলি উল্লেখ কৰিছে ।

কৰোনা কালত, যোৱা দুবছৰত লেপটপ আৰু ম’বাইলৰ ব্যৱহাৰ প্ৰায় দহ গুণ বৃদ্ধি পাইছে। ঘৰৰ পৰা কাম কৰাৰ প্ৰৱণতাও যথেষ্ট বৃদ্ধি হৈছে । যিসকলে অত্যাধিক ব্যৱহাৰ কৰিছে তেওঁলোকে ডিঙিৰ পৰা কিলাকুটি আৰু নখলৈকে বিষ হোৱা বুলি প্ৰকাশ কৰিছে । লগতে আছে কান্ধৰ জঠৰতা ।এনে ৰোগীসকলক অধ্যয়ন কৰি চিকিৎসকে ডিঙিৰ চি5-6, চি6-7-ৰ স্নায়ুৰ ওপৰত সৰ্বাধিক চাপ পায়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল নিউৰ’লিংগিয়া ৰোগ ৮০ শতাংশত   আৰু ৩৭ শতাংশত গুৰুতৰ গ্ৰীৱাৰ ডিজেনাৰেটিভ ডিস্ক আৰু গ্ৰীৱাৰ ডিস্ক প্ৰলেপছ ৰোগ পায়।

আনহাতে ৭০ শতাংশ যুৱক-যুৱতী আৰু ৬ শতাংশ কিশোৰ-কিশোৰীৰ উপৰিও ১১ শতাংশ লোকক এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।