বৰপেটা,২৫ আগষ্টঃ সাম্প্রতিক যান-জটৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাৰ সৰভোগ পৌৰ এলেকাৰ পথ সমূহেৰে দহচকীয়া অথবা ততোধিক চকাযুক্ত গধুৰ বাহন ট্ৰাক, ডাম্পাৰ-ট্ৰেক্টৰ অাদি চলাচল কৰোতে পুৱা ৭ বজাৰ পৰা নিশা ৮ বজালৈ নিষেধাজ্ঞা আৰোপ কৰিছে সৰভোগ পৌৰ সভাই। উল্লেখ্য যে, অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সৰভোগ পৌৰ সভাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। পিছে উক্ত নিয়ম উলংঘণকাৰীৰ ওপৰত নিম্ন স্বাক্ষৰকাৰীয়ে পৌৰ আইনগত ব্যৱস্থা লবলৈ বাধ্য হ’ব। এই আদেশ তাৎক্ষণিকভাৱে বলবৎ হ’ব বুলি এক নিৰ্দেশনাত সৰভোগ পৌৰ সভাৰ এক নিৰ্দেশনা জাৰি কৰিছে। সৰভোগ পৌৰ সভাৰ এনে আদৰণীয় পদক্ষেপক সচেতন মহলে কৃতজ্ঞতা জ্ঞাপন কৰিছে।