নিউজ ডেক্সঃ ৰাহুল গান্ধীয়ে বিচাৰে পৰিয়ালৰ বাহিৰৰ এজন নেতা সভাপতি পদত অধিষ্ঠিত হোৱাটো। ইয়াৰ পূৰ্বে, বৰ্তমানৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়েও উদয়পুৰত এক শিবিৰত এই কথা প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ সভাপতি ২১ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। এতিয়া ৰাহুল আগ্ৰহী নহয় বাবেই প্ৰক্ৰিয়াটো ৰৈ আছে। আনহাতে তেওঁক দলে সৈমান কৰাবৰ চেষ্টা চলাই থকা লগতে প্ৰিয়ংকাকো বিকল্প হিচাপে ভাবি থৈছে। সভাপতিগৰাকী গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা হোৱাটো বিচৰা বাবেই ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো মনোনয়ন দাখিল কৰাত ৰাহুলে বাধা প্ৰদান কৰিছে। ইফালে ছোনিয়াই স্বাস্থ্যজনিত কাৰণত এই পদত থাকিব নিবিচাৰে বুলি জনাই দিছে।তদুপৰি যদি দলে ভবা মতে নহয় তেন্তে ছোনিয়াক দলীয় ঐক্যৰ বাবে ২০২৪ চনলৈকে দায়িত্ব অব্যাহত কৰিবলৈ কোৱা হ’ব বুলি জানিব পৰা গৈছে । একে সময়তে, যদি প্ৰাৰ্থিত্বৰ সমস্যা অব্যাহত থাকে, তেন্তে অশোক গেহলট, মল্লিকাৰ্জুন খাৰ্গে, কেচি বেণুগোপাল, কুমাৰী চেলজা আৰু মুকুল ৱাচনিকৰ দৰে নেতাৰ নাম আহিব পাৰে বুলি অনুমান কৰা হৈছে ।

Home অসম আৰু উত্তৰপূব কংগ্ৰেছ দলটো বৰ্তমান তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছেকোন হ’ব নতুন সভাপতি বা সভানেত্ৰী...