টীয়ক, ২৯আগষ্টঃ নামে নাশ কৰে মনৰ সকলো অপ্ৰীতি। নামৰ উৰ্ধত নহয় ৰাজনৈতিক শত্ৰুতা। হৰি নামৰ অমিয়া ঝংকাৰে আজি ঢেকীয়াখোৱা বৰনামঘৰত দুই বিৰোধী দলৰ ৰাজনৈতিক নেতাই একে লগে আঁঠু ল’লে বৰনামঘৰৰ অক্ষয় বন্তিৰ তলত। আজি জগত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক মহাপ্ৰয়ানৰ তিথিত শ্ৰীশ্ৰী শংকৰদেৱৰ পৰম শিষ্য মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিকঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে ৰাজনৈতিক শত্ৰুতাৰ কথা পাহৰি ভকত বৈষ্ণৱৰ সৈতে নাম প্ৰসংগত ভাগ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ কৃষিমন্ত্ৰীজনে ঢেকীয়াখোৱা বৰনামঘৰৰ বন্তিগৃহত একেলগে ২০ গচ বন্তি প্ৰজ্বলন কৰি দেশ তথা ৰাজ্যবাসীৰ সুখ-শান্তি কামনা কৰে।