মাৰ্ঘেৰিটা, ৩০ আগষ্টঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত পেঙেৰীৰ তৰাণী সংৰক্ষিত বনাঞ্চলৰ কাষৰ গাঁতৰ পৰা উদ্ধাৰ কৰা হয় এটা বনৰীয়া হাতী।দেওবাৰে নিশা খাদ্য সন্ধানত উলাই অহা বন্যহস্তীটো পেঙেৰী সংৰক্ষিত বনাঞ্চলৰ মাজৰ তৰানী গাঁৱলৈ প্ৰৱেশ কৰা এটা পথৰ কাষৰ গাঁতত আবদ্ধ হৈ পৰিছিল।গাঁতত আবদ্ধ হৈ পৰা বনৰীয়া হাতীটো স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবেই অৱশেষত জীৱন ৰক্ষা পৰে। গাঁতত সোমাই আবদ্ধ হৈ পৰা হাতীটো বন কৰ্মীৰ আৰু স্থানীয় ৰাইজে বহু কষ্ট কৰি সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি পথ নিৰ্মাণ কৰা ঠিকাদাৰে পথৰ কাষত বৃহৎ বৃহৎ নলা খন্দাৰ ফলত বন্যহস্তীটো এইদৰে গাঁতত সোমাই আবদ্ধ হৈ পৰিব লগা হয়।পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ এনে অদুৰদৰ্শী কৰ্মক সচেতন মহলে ধিক্কাৰ জনাইছে।স্থানীয় ৰাইজৰ সহযোগত খাটাংপানী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া হীৰেন মেদকৰ নেতৃত্বত আবদ্ধ হৈ পৰা বন্যহস্তীটো উদ্ধাৰ কাৰ্য চলোৱা হৈছিল।
