ৰঙিয়া, ৩০ আগষ্টঃ ৰঙিয়াৰ অন্তৰ্গত গোঁসাই শৌলমাৰী গাঁৱৰ কেইজনমান ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফচল এই কৃষি পাম খন। প্ৰায় ৪৪৬ গৰাকীকৈ পুৰুষ-মহিলা একলগ হৈ আন দহজনৰ বাবেও সংস্থাপনৰ বাট মোকলাইছে এই কৃষি পাম খনৰ জৰিয়তে। ইতিমধ্যে সমগ্ৰ অঞ্চলজুৰি এই পামখনৰ পৰা উৎপাদিত বৃহৎ পৰিমাণৰ মৎস্য যোগান ধৰি বৃহৎ লাভ পাবলৈ সক্ষম হৈছে। কৃষি পামখনত মৎস্য উৎপাদনৰ ওপৰিও হাঁহ পালন, কেঁচু সাৰ, নেমু, কল, নাৰিকল, শাক-পাচলি ইত্যাদি উৎপাদন কৰি এক স্বনিৰ্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে বিশ্ব বেংকৰ এপাৰ্ট আঁচনিৰ অধীনত এই কৃষি পাম খনে ৫০ লাখ টকাৰ সাহাৰ্য পাবলৈও সক্ষম হৈছে। উল্লেখ্য, কিছু দিন পূৰ্বে বিশ্ব বেংকৰ উপাধ্যক্ষ সহ ভালেকেইগৰাকী বিষয়াই এই কৃষি পামখন পৰ্যবেক্ষণ কৰি যায়।