ৰঙিয়া, ১ছেপ্তেম্বৰ: ৰঙিয়া সমষ্টিৰ অন্তৰ্গত চিৰাখুন্দিত আজি  আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলায়। ৰঙিয়া আৰক্ষী থানাৰ TSI সমৰজ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই চিৰাখুন্দিত এই অভিযান চলায়। ড্ৰাগছ ব্যৱসায়ী হিচাপে পৰিচিত ছোহৰাব আলী নামৰ যুৱকজনৰ AS 01EM1554 নম্বৰৰ বাহনত আৰক্ষীৰ দলটোৱে অভিযান চলাই যুৱক জনক আটক কৰাৰ লগতে ড্ৰাগছ সহ‌ এপাত চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য, যদিও অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে তথাপি এই নিষিদ্ধ ড্ৰাগছ্ ৰ ৰমৰমীয়া বেহা এতিয়াও চলিয়েই আছে। তাৰ মাজতে আজি পুনৰ ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ্ ব্যৱসায়ৰ লগত জড়িত এজনক আটক কৰে।