ধুবুৰী,৬ ছেপ্টেম্বৰঃ ‘‘কংগ্ৰেছ অসমত না‘কংগ্ৰেছ অসমত নাই, নাই, নাই, বিদায় হৈ গ’ল : বদৰুদ্দিন আজমলই, নাই, নাই, বিদায় হৈ গ’ল। কংগ্ৰেছৰ নাম আছে নেকি? কংগ্ৰেছৰ ভাৰতবৰ্ষতে নাম নাই।’’- এই মন্তব্য ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। ধুবুৰীৰ নিউমাৰ্কেটস্থিত গৃহত স্থানীয় সাংবাদিকৰে হোৱা সাক্ষাতকাৰত তেওঁ এইদৰে কয়। সাংসদগৰাকীয়ে কয় যে – ‘‘ভূপেন বৰাই কি কৈছে? কালি মাদ্ৰাছা থকা অঞ্চলত ভোট ল’বলৈ তেওঁ যাব নে নাযাব? কংগ্ৰেছে মুছলমানৰ ওচৰত গৈ কি ক’ব?’’ তেওঁ আৰু কয় যে, ‘‘ভূপেন বৰাই কৈছে মাদ্ৰাছা ভাঙিব লাগে। ভূপেন বৰা বাহিৰৰ পৰা আহিছে। মোৰ সন্দেহ তেওঁ অসমৰ সংস্কৃতি জানে নে নেজানে? অসমৰ জনগাঁথনি বিন্যাস জানে নে নেজানে –ইয়াত কিমান মুছলমান আছে, কিমান হিন্দু ভাইসকল আছে? কিমান মুছলমান মানুহৰ আৱেগ মাদ্ৰাছাৰ সৈতে জড়িত হৈ আছে – এয়া ভূপেন বৰাই নাজানে। ইনশাআল্লাহ! ইয়াৰ ফল অহা দুটা নিৰ্বাচনত কংগ্ৰেছে যে পাব, সেয়া খাটাং।’’ আনহাতে তেখেতক বিজেপিৰ এজেন্টৰূপে অভিহিত কৰাৰ বিষয়ে সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আজমলে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, ‘‘মোক বিজেপিৰ এজেন্ট বুলি ৰাজনৈতিক ভাৱে কংগ্ৰেছে অভিযোগ কৰি আছে । এয়া এশ শতাংশই কংগ্ৰেছৰ ৰাজনৈতিক এজেণ্ডা।’’ লগ’তে এআইইউডিএফ দলৰ মুৰব্বীগৰাকীয়ে প্ৰশ্ন কৰি কয় যে, ‘‘ভাৰতবৰ্ষৰ কোনে মানুহে, সমগ্ৰ অসমৰ কোনো এজন লোকে;আনকি এটা শিশুৱেও জেহাদী কাৰ্য্যকলাপ ইয়াত চলাটো মানিব নেকি?’’ তেওঁ কয়, ‘‘আমিও সেয়া মানা নাই। আমি কৈছোঁ ১ জন হওক, ১০ জন হওক, হাজাৰ জন হওক আপোনালোকে গ্ৰেপ্তাৰ কৰক, কাৰাগাৰত দিয়ক; লাগিলে আপোনালোকে ফাঁচি দিয়ক। আমাৰ কোনো আপত্তি নাই। জেহাদী উপাদান (element) অসমৰ পৰা নিঃশেষ হ’ব লাগিব।’’ ল’গতে আজমলৰ মন্তব্য, ‘‘এয়াই মই কৈছোঁ। এয়া যদি পাপ, কৰি থাকোঁ; মই কৰিছোঁ। এয়া মানেই বিজেপিক সমৰ্থন কৰা বুজায় নেকি?’’ আনহাতে মাদ্ৰাছা ভঙাৰ বিষয়টোলৈ সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাত মুখৰ হৈ পৰে তেওঁ। বিষয়টো লৈ তেওঁ কয় যে, ‘‘মাদ্ৰাছাত আপোনালোকে জেহাদী পাইছে, জেহাদী ধৰিছে; কোনো আপত্তি নাই। কিন্তু মাদ্ৰাছা কিয় ভাঙিলে? মাদ্ৰাছা ভঙাৰ আপোনালোকৰ অধিকাৰ নাই।’’ আজমলৰ যুক্তি, ‘‘যেতিয়া চৰকাৰী কাৰ্য্যালয় এটাত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী হয়; তেতিয়া চৰকাৰে গৈ সেই কাৰ্য্যালয়টো ভাঙি দিয়ে নেকি!’’